গুৱাহাটীত ৰাজ্যিক সাংবাদিক সন্থাৰ সভা: ১০ মে’ত “ব্ৰহ্মপুত্ৰ উপত্যাকা সাংবাদিকতা বঁটা”

মনীষা শৰ্মা, ৩ মাৰ্চ : গুৱাহাটীৰ ৰূপ নগৰস্থিত মিডিয়া ট্ৰাষ্টত ২ মাৰ্চত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই আঁত ধৰা সভাৰ সভাপতিত্ব কৰে সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সভাত ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় মহিলা কোষ গঠন আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তোলা আৰু ৰাজ্যিক সমিতিয়ে চলিত বৰ্ষত প্ৰদান কৰিব লগা “ব্ৰহ্মপুত্ৰ উপত্যাকা সাংবাদিকতা বঁটা” সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। সভাৰ সিদ্ধান্ত অনুসৰি অহা ১০ মে’ত শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত উদযাপন কৰিব লগীয়া অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই প্ৰদান কৰা হ’ব “ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা”। একেদৰে সন্থাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মহিলা সাংবাদকৰ্মী সকলক লৈ এখন পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় মহিলা কোষ গঠনৰ বাবে এখন ৯ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয়।

ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পলিমা বি চেতিয়াক মুখ্য আহ্বায়ক হিচাবে লৈ গঠন কৰা আহ্বায়ক সমিতিখনৰ আন আন সদস্য কেইগৰাকী হ’ল ক্ৰমে মিতালী কোঁৱৰ, ৰঞ্জিতা ৰাভা, অজন্তা তালুকদাৰ, মৃদুস্মিতা শৰ্মা, পল্লৱী কলিতা, ববিতা গগৈ, হেমা চৌধুৰী গগৈ আৰু মুন্নী ছেত্ৰী। আনহাতে সন্থাই বৰ্তমানৰ গুৱাহাটী মহানগৰ জিলা সমিতিখন অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সমিতিখনৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত কৰে। এই কেন্দ্ৰীয় সমিতিৰ হিলদুল গগৈৰ নেতৃত্বত এখন পৰ্যবেক্ষক সমিতি গঠন কৰি গ্ৰহণৰ দায়িত্ব অৰ্পন কৰে। পৰ্যবেক্ষক সমিতিখনত আছে ৰাতুল ৰঞ্জন চৌধুৰী, সঞ্জীৱ ডেকা আৰু অনুপ আৰন্ধৰা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*