31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰীমা দাসৰ নতুন অসমীয়া ছবি ‘তৰাছ হাজবেণ্ড’

    গুৱাহাটী পৰা মনীষা শৰ্মাঃ অসমৰ বোলছবি জগতৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুন্দৰ সুন্দৰ ছবি পৰিচালনা জৰিয়তে জিলিকিব লৈ সক্ষম হোৱা বিশিষ্ট ছবি পৰিচালক তথা অসমৰ গৌৰৱ ৰীমা দাসৰ নতুন অসমীয়া ছবি তৰাছ হাজবেণ্ড প্ৰিমিয়াৰ শ্ব’ সুন্দৰ অনুষ্ঠান মাজেৰে গুৱাহাটী অনুৰাধা চিনেমা হলত অনুষ্ঠিত হৈ যায়। বিশিষ্ট ছবি পৰিচালক ৰীমা দাসৰ নতুন অসমীয়া ছবিখন তৰাছ হাজবেণ্ড৷ এখন সংসাৰত দেখিবলৈ পোৱা কিছু সত্য ঘটনাৰ লগতে পতি পত্নীৰ খং অভিমান মৰম ভালপোৱা সকলোবোৰেই ছবিখনত সুন্দৰ ভাবে উপস্থাপন কৰিছে।

    ছবিখনৰ প্ৰিমিয়াৰ শ্ব চাবলৈ অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় গায়ক দিক্ষু, জুবলি বৰুৱা, দীপলিনা ডেকা, জনপ্ৰিয় অভিনেতা কপিল বৰা, বিশিষ্ট কবি নীলিম কুমাৰ, জনপ্ৰিয় কবি হিমাংশু প্ৰসাদ দাসৰ ছবিখন লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে অসমৰ সংবাদত জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছবিখন উপভোগ কৰা লগতে ছবিখন প্ৰশংসা কৰা পৰিলক্ষিত হয়৷ ছবিখনৰ পৰিচালক ৰীমা দাসৰ ছবিখনে সমূহ অসমবাসী ৰাইজৰ অন্তৰ জয় কৰাৰ লগতে ছবিখন আঁকোৱালি লব বুলি আশা পৰিচালক ৰীমা দাসে প্ৰকাশ কৰে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.