Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫”ত পুতলা নাট মঞ্চায়ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰূপক বৈশ্য, গুৱাহাটী ১৪ফেব্ৰুৱাৰী:-
মহানগৰীৰ খানাপাৰাৰ ইন্দোৰ ষ্টেডিয়াম প্ৰাঙ্গণত নাবাৰ্ডৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হৈছে গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫ৰ অনুষ্ঠান। অহা ১৬ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰামীণ ভাৰত মহোৎসৱত “চাইবাৰৰ পৰা সাৱধানতা” বিষয়লৈ সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট পৰিবেশিত হয়। নাট খনৰ কাহিনী অতি সুন্দৰ। বৰ্তমান গাঁও, চহৰ-নগৰত প্ৰায়ে চলি থকা ঘটনা উপস্থাপন কৰিছে নাটখনৰ জৰিয়তে।

বিজ্ঞান প্ৰযুক্তিৰ ফলত আমি অতি সোনকালে ঘৰতে বহি যিকোনো কাম মোবাইলত ইণ্টাৰনেটৰ জৰিয়তে কাম কৰিব পাৰোঁ। অনলাইনৰ জৰিয়তে টকা পইছাৰ লেনদেন কৰিব পাৰোঁ লগতে স্কুল কলেজত নামভৰ্ত্তি, ৰেলগাড়ী উৰাজাহাজৰ টিকেত ক্ৰয়, বজাৰ কৰা আদি কৰিব পাৰোঁ। সকলো কামত সহায় হৈছে মোবাইল। কিন্তু দুষ্ট চক্ৰই বেংকৰ এ টি এমৰ কোড নম্বৰ লৈ বেংকৰ ধন লুট কৰে। চাইবাৰ ক্ৰাইমৰ বাবে মানুহৰ জীৱন ঘৰ সংসাৰ নিঃশেষ হৈ যায়। তাৰ বাবে আমি সতৰ্ক হৈ থাকিব লাগিব। সেইবাবে কোনো অজ্ঞাত ব্যক্তিয়ে এ টি এমৰ কোড নম্বৰ বিচাৰিলে কেতিয়াও কোড নম্বৰ দিয়া উচিত নহয়। কোড নম্বৰ দিলে সঞ্চয় কৰা ধন লৈ যাব পাৰে। দুষ্ট চক্ৰ দিয়া লোভনীয় প্ৰস্তাৱ কেতিয়াও গ্ৰহণ কৰিব নালাগে। পুলিছ থানত প্ৰতিটো খবৰ দিব লগে আৰু ১৯৩০ নম্বৰত জনাব লাগে। তেতিয়া কোনো বিপদ নহব। এনেধৰণৰ ঘটনা সমূহ পুতলা নাচৰ জৰিয়তে সুন্দৰকৈ বুজাই দিছে দৰ্শকক।পুতলা নাটখনত লাঠী পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়।

“চাইবাৰৰ পৰা সাৱধানতা” নাটখনে উপস্থিত থকা নাবাৰ্ডৰ মহাপ্ৰবন্ধক, বিষয়া, নাবাৰ্ডৰ অধীনৰ বিভিন্ন বেঙ্কৰ বিষয়া- কৰ্মচাৰীৰ লগতে শিক্ষাবিদ, শিল্পী, সাহিত্যিক আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে । পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল। নাট খনৰ সুত্ৰধাৰ, মোবাইল, পুলিছ, ডেকা লৰা আৰু ছোৱালীৰ চৰিত্ৰৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। নাটখনত থকা গান সমূহ মনোৰঞ্জন দিবলৈ খুহুতীয়া ভাৱে হিন্দী গান সমূহৰ সুৰলৈ চাইবাৰ ক্ৰাইমৰ বিষয়ে দাঙি ধৰি চৰিত্ৰ সমূহে কৰা নৃত্যই দৰ্শকক আমোদ দিব পাৰিছিল। প্ৰতিটো মূহুৰ্তই দর্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছিল। পুতলা সমূহৰ সঞ্চালন পদ্ধতি আৰু শৈলী সমুহ দেখি দৰ্শক সকল অভিভূত হৈ পৰে।

পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰে তৃষ্ণা ৰাজবংশী, সীমান্ত শৰ্মা, প্ৰণৱ জ্যোতি ৰাভা, পলক কৈৰী, বিনীতা দেৱী, কৃষ্টি ৰাজবংশী আৰু গণেশ বড়ো। নাট খনৰ চৰিত্ৰ সমূহত সংলাপ প্ৰক্ষেপ কৰে হাৰ্দিক শৰ্মা, স্বপন দাস আৰু বিনীতা দেৱী। সংগীত হাৰ্দিক শৰ্মাৰ। পুতলা সমূহৰ তৈয়াৰী আৰু সাজসজ্জাত হিমাংশু দাস, কৃতৰ্থ শৰ্মা, দীপা মহন্ত, তৃষ্ণা কলিতা, বিনীতা দেৱী আৰু প্ৰণৱ জ্যোতি ৰাভা। নাবাৰ্ডৰ উদ্যোগত অনুষ্ঠিত “গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থ ইষ্ট গুৱাহাটী ২০২৫” ত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, বেংক বিষয়া- কৰ্মচাৰী আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °