31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    সমাপ্ত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱঃ নাহেন্দ্ৰ পাডুং-নয়নজ্যোতি শৰ্মালৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰদান

    ♦ সাহিত্যানুৰাগীৰ অভূতপূৰ্ব বিপুল সঁহাৰিৰ মাজেৰে ১ অক্টোবৰত সামৰণি পৰে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত আয়োজিত প্ৰথম প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপ আৰু বিশিষ্ট নিৱন্ধকাৰ দিগন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰা সমাপন অনুষ্ঠানত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’ৰে বিভূষিত কৰা হয় বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাডু্ং আৰু যুৱ সাহিত্যিক নয়নজ্যোতি শৰ্মাক।

    অসমীয়া সাহিত্য জগতৰ অগ্ৰজ সাহিত্যিকৰ ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’ সাহিত্যিক নাহেন্দ্ৰ পাডুঙক প্ৰদান কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজক সমিতিৰ সভাপতি, সু-সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। যুৱ সাহিত্যিকৰ ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’ নয়নজ্যোতি শৰ্মাক প্ৰদান কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই।

    বঁটা গ্ৰহণ কৰি সু-সাহিত্যিক নাহেন্দ্ৰ পাডু্ঙে নিজৰ সাহিত্যিক জীৱনৰ কথা ৰোমন্থন কৰি কয়- ‘মিচিং মোৰ মাতৃভাষা, অসমীয়া ধাত্ৰীভাষা’ অসমীয়া ভাষাত কবিতা লিখিও সমাজত মিচিং কবি হিচাপে পৰিচিত হ’বলৈ অস্বীকাৰ কৰা সুকবি পাডুঙে স্পষ্ট কৰি দিয়ে তেওঁ অসমীয়া ভাষাত লিখা-মেলা কৰা এজন অসমীয়া কবি। তেওঁ অৱশ্যে আক্ষেপ প্ৰকাশ কৰে যে, ৰাজ্যৰ জনজাতীয় সাহিত্যিকসকলে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিলেও কোনো অসমীয়া ভাষী সাহিত্যিকে কিন্তু এতিয়ালৈকে কোনো জনজাতীয় ভাষাত সাহিত্য চৰ্চা কৰা নাই।

    যুৱ সাহিত্যিক শৰ্মাই বঁটা গ্ৰহণ কৰি কয়-এই বঁটাই তেওঁক সাহিত্য সৃষ্টিৰ প্ৰতি একাগ্ৰ চিত্তে যত্নপৰ হ’বলৈ অনুপ্ৰাণিত কৰিলে।
    সমাপন অনুষ্ঠানত অংশ লৈ বিশিষ্ট নিৱন্ধকাৰ দিগন্ত বিশ্ব শৰ্মাই পাশ্চাত্যত সৃষ্ট সাহিত্যৰ যুগ সমূহৰ আলোচনা কৰি উত্তৰ আধুনিক যুগৰ ধাৰণাক কঠোৰ ভাষাৰে সমালোচনা কৰে। এই ধৰণৰ পাশ্চাত্য ধ্যান-ধাৰণাই সনাতনী প্ৰমূল্যবোধৰ পৰা ভাৰতীয় সংস্কৃতিক আঁতৰাই নিছে বুলি অনুবাদ সাহিত্যৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত, সু-লেখক শৰ্মাই আক্ষেপ প্ৰকাশ কৰে। উত্তৰ আধুনিক ধাৰণাই নৱ আসুৰিক সংস্কৃতিৰ জন্ম দিয়া বুলি উল্লেখ কৰি এই উত্তৰ আধুনিক বাদ পাশ্চাত্যৰ ভয়ংকৰ আৱিষ্কাৰ বুলিও তেওঁ অভিহিত কৰে। এনে পাশ্চাত্য ধাৰণাৰ বিপৰীতে সনাতনী সংস্কৃতিৰ আধাৰ বেদ-উপনিষদ-ৰামায়ণ-মহাভাৰতে স্পষ্ট কৰা সাহিত্যৰ ধাৰা আকোঁৱালি ল’বলৈ তেওঁ আহ্বান জনায়। এই ক্ষেত্ৰতে ‘শিপাৰ সন্ধানত’ মূলমন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ গুৰুত্ব আছে বুলিও তেওঁ দোহাৰে।

    নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপে তেওঁৰ ভাষণত উল্লেখ কৰে যে, যি সময়ত পশ্চিমীয়া সভ্যতাৰ দেশসমূহত মানুহৰ মুখৰ ভাষাই সৃষ্টি হোৱা নাছিল, সেই সময়তে পূণ্যভূমি ভাৰতত সাহিত্যৰ সৃষ্টি হৈছিল। অসমে বিগত ৭০০-৮০০ বছৰত বখতিয়াৰ খিলিজিৰ অসম আক্ৰমণ, আহোম সকলৰ অসম আগমন, দুৰ্যোগ, বিদ্ৰোহ, যুদ্ধৰ মাজেৰে বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট তথা অভিজ্ঞ হৈ উঠিছে। আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপৰ নৱ প্ৰজন্মলৈ আহ্বান, এই ধৰণৰ অভিজ্ঞতাৰ ভিত্তিত ৰচিত গ্ৰন্থ অধ্যয়ণেৰে মনবোৰ চহকী কৰিবলৈ।

    ইফালে, সাহিত্য উৎসৱৰ অন্তিম দিনাও এলানি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাৰ ভাগত বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যৰ পৰিচালনাত সৃষ্টিশীল লেখনিৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত সাহিত্য তথা সৃষ্টিশীল লেখনিৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মৰ বহুসংখ্যক লেখক-লেখিকাই ভাগ লয়। ‘ভাৰতৰ নৱ-বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ’ শীৰ্ষক ‘গীতাচাৰ্য’ পুৰন্দৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সত্ৰ আলোচনাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ড° পীতাম্বৰ দেৱগোস্বামীয়ে অংশগ্ৰহণ কৰি প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সৌষ্ঠৱ ভালেখিনি বৃদ্ধি কৰে।

    এই আলোচনাত অংশগ্ৰহণকাৰী অন্যতম সমল ব্যাক্তি আছিল হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তী। বিয়লিৰ ভাগত অনুষ্ঠিত বহুভাষিক কবিতা সন্মিলনত ৰাজ্যৰ বিভিন্ন ভাষাৰ কেবাগৰাকীও জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰে। কবি-চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কবি সন্মিলনীত ভাগ লয় কবিসকল সৌৰভ শইকীয়া, হান্ মিজি হান্সে, ড° ইন্দুপ্ৰভা দেৱী, মদাৰ জ্যোতি, ধীমান বৰ্মন আৰু ড° সঞ্জয় দাসে। কবি সন্মিলনীৰ পিছতে প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই আলাপৰ আঁত ধৰে সোনাপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° নিজৰা হাজৰিকাই।

    বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে সমাপ্ত হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সফলতাই সাহিত্যানুৰাগীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। বিশেষকৈ অসমত সাহিত্যৰ অনুষ্ঠানত দৰ্শকৰ উপস্থিতি সেমেকা হয় বুলি প্ৰচলিত ধাৰণাৰ বিপৰীতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ তিনিওটা দিনৰ কাৰ্যসূচীত সাহিত্যানুৰাগীৰ ‌উপস্থিতি আছিল লক্ষ্যনীয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds