31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীত বন্য হাতীৰ উপদ্ৰৱ। পুৱতি নিশালৈ হাতী খেদাত ব্যস্ত থাকিল বনকৰ্মী

    বিহালীত বন্য হাতীৰ উপদ্ৰৱ।
    পুৱতি নিশালৈ হাতী খেদাত ব্যস্ত থাকিল বনকৰ্মী :

     

    বিশ্বনাথ চাৰিআলি ২০ অক্টোবৰ :

    ৰাজ্যত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত । অসমৰ কেইবাখনো জিলাত প্ৰায় প্ৰতিদিনে সংঘটিত হৈছে এনে ঘটনা । বহু স্থানত হস্তী মানুহৰ সংঘাতে লৈছে চৰম ৰূপ ।

    যোৰহাটৰ তিতাবৰৰ পাছত এইবাৰ বনৰীয়া হাতীৰ সন্ত্ৰাস বিশ্বনাথ জিলাৰ বিহালীত ।

    বিহালীতো বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে । বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে গঞা । প্ৰায় ৫০ৰ পৰা ৬০ টা হাতী থকা এটা জাকে বিহালীৰ জনাঞ্চলত প্ৰৱেশ কৰে । জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আৰু লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ ।

    হাতীৰ জাকটোৱে খায় তহিলং কৰে ধাননি পথাৰ, লগতে বহু শাক-পাচলিৰ খেতিও নষ্ট কৰে । হাতীৰ আক্ৰমণৰ ভয়ত নিশা উজাগৰেই কটাবলগীয়া হয় গাঁওবাসী । বুধবাৰে নিশা বিহালীৰ চেনিমাৰী, ৰৌমাৰী, বৰাজুলি আদি অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ চলাই বহু খেতি পথাৰ শস্য নষ্ট কৰে ।বিশেষকৈ ৰৌমাৰী দন্দেধৰ দাস , বদল দাস, বিপুল বনীয়া, মনাই বনীয়া, দিগন্ত দাসকে ধৰি অঞ্চল প্ৰায়২০ জন লোকৰ খেতি নষ্ট কৰা লগতে খাই তহিলং কৰে। লগতে দন্দেধৰ দাস, বদল দাসৰ গৰু গোহালি বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে।

    ইফালে সন্ধিয়া ৫ বজাৰ পৰা বৰগাঙৰ বনাঞ্চলিক বিষয়া চক্ৰ পাণী ৰয় নিৰ্দেশ ত বনকৰ্মীৰ এটা দলে হাতী জাকটো খেদিবলৈ অহৰহ চেষ্টা কৰি থকা দেখা যায় । এই ক্ষেত্ৰত নিশা ১ বজাৰ পৰ্যাপ্তে বিহালী সাংবাদিক শ্ৰীমন্ত দাসৰ লগতে স্থানীয় লোকে হাতী জাকটো খেদাত বন কৰ্মী দলক সহায় সহযোগিতা কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds