Atyati (অত্যাতী) টেকন’লজী প্ৰাইভেটৰ বিহালীলৈ ৫ Oxygen Concentrator প্ৰদান

 

Atyati (অত্যাতী) টেকন’লজী প্ৰাইভেটৰ বিহালীলৈ ৫ Oxygen Concentrator প্ৰদান ::

শনিবাৰে বিহলী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অত্যাতী টেকন’লজী প্ৰাইভেট কোম্পানীয়ে ক’ভিড মহামাৰী সময়ত সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ৫ টা Oxygen Concentrator বিহালীবাসী ৰাইজৰ সুবিধা হোৱাকৈ বিধায়ক ৰঞ্জিত দত্ত হাতত অৰ্পন কৰে বিহালী খণ্ড উন্নয়ন প্ৰেক্ষাগৃহত।

ইফালে উক্ত Oxygen Concentrator কেইটা লগে লগে বিধায়ক ৰঞ্জিত দত্তই বিহালী বৰগাং আদৰ্শ চিকিৎসালয়ত ২টা,

জিনজিয়া প্ৰথমিক চিকিৎসালয়ত ১টা,

বিহালী প্ৰাথমিক চিকিৎসালয়ত ১টা আৰু ৰঙাগঁড় চাহ বাগিছা চিকিৎসালয়ত ১টাকৈ চিকিৎসালয় কেইখনৰ চিকিৎসক তথা বিষয়াসকলৰ মাজত বিতৰণ কৰে ।

আনহাতে কোম্পানী তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি শীঘ্ৰে আৰু ৫ টা Oxygen Concentrator বিধায়ক ৰঞ্জিত দত্ত হাতত অৰ্পণ কৰাৰ কথা অৱগত কৰে৷

কোম্পানীটিয়ে ইতিমধ্যে অসমৰ বিভিন্ন গাঁওত প্ৰধানমন্ত্ৰী জন-ধন যোজনা অধীনত বেংকত একাউন্ট খুলি দুখীয়া লোকক সহায় আগবঢ়াই আহিছে৷
উক্ত অনুষ্ঠানটিত উপস্থিত থাকে অত্যাতী কোম্পানীৰ উত্তৰ-পূৱৰ বিষয়া হৰেন হাজৰিকা,বিহালীৰ খণ্ড উন্নয়ন বিষয়া দেৱাষীশ গোস্বামী,বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, মহকুমা চিকিৎসা বিষয়া ডাঃ যোগেন চন্দ্ৰ বেই,
জ্যেষ্ঠ সাংবাদিক মেৰু মিঠু কটকী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.