প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি

File photo

সমগ্ৰ দেশৰ ৬০০ খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি কৰা হ’ব। দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰ্যালয়ৰ নেতৃত্বত ৰূপায়ণ কৰা এই যোজনাৰ তৃতীয় পৰ্য়ায়ত নতুন যুগ আৰু কোৱিড-১৯ সম্পৰ্কীয় দক্ষতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ’ব।

এই আঁচনিৰ তৃতীয় পৰ্যায়ত ২০২০-২১ বৰ্ষত ৮ লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে ৯৪৮ কোটি ৯০ লাখ টকা ব্যয় হ’ব। দেশত বৃত্তিধাৰী দক্ষ লোকৰ গোট গঢ়ি তোলাৰ উদ্দেশ্যে এই আঁচনিৰ অধীনত ৭২৯টা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ, তালিকাভুক্ত প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।

এই যোজনাৰ প্ৰথম আৰু দ্বিতীয় পৰ্য়ায়ৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত মন্ত্ৰ্যালয়ে এই আঁচনিৰ সংস্কাৰসাধন কৰিছে। যাতে বৰ্তমানৰ নীতি আৰু আৱশ্যকতা অনুযায়ী প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ জুলাইত স্কিল ইণ্ডিয়া অভিযান আৰম্ভ কৰিছিল। ভাৰতক বিশ্বৰ দক্ষতা ৰাজধানীৰূপে গঢ় দিয়াৰ মানসেৰে আৰম্ভ কৰা চৰকাৰৰ এই আঁচনি জনসাধাৰণৰ মাজত ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.