ৰঙিয়াৰ চাহিলৰ নিজৰ হাতৰ কলাৰ দ্বাৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট

● জুইশলাৰ কাঠিৰে আইফেল টাৱাৰ বনাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে চাহিল হুছেইন নামৰ ছাত্ৰ এজনে।

ৰঙিয়া বনগাঁও নিবাসী চাইদুল ইছলাম আৰু ৰুনুমণি বেগমৰ সু সন্তান চাহিল হুছেইন। এই প্ৰতীকী আইফেল টাৱাৰতো বনাবলৈ তেওঁ প্ৰায় ৭২০ ডাল জুইশঁলা কাঠিৰ ব্যাৱহাৰেৰে ২৩.৫ ইঞ্চি ওখ, ৯ x ৯ ইঞ্চি বহল আৰু ১০০ গ্ৰাম ওজনৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু আইফেল টাৱাৰ নিৰ্মাণ কৰি উলিয়াইছে, যাৰদ্বাৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

এই প্ৰতীকী আইফেল টাৱাৰ তো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকী আইফেল টাৱাৰ। উল্লেখ্য যে সৰুৰে পৰাই পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ চকুত লগা সামগ্ৰী নিৰ্মাণ কৰা চাহিলে বৰ্তমানলৈ প্ৰায় শতাধিক সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে।

ইয়াৰ ভিতৰত উল্লেখযোগ্য হল পেলনীয়া কাৰ্ডবʼর্ডেৰে তাজ মহল,গঁজাল আৰু সূতাৰে অসমৰ মানচিত্ৰ, তামোল গছৰ বাকলিৰে এখন পানী জাহাজৰ লগতে তেওঁ বহুকেইটা একুআৰিয়াম সাজি উলিয়াবলৈ সক্ষম হৈছে।

আগন্তুক দিনত তেওঁৰ সৃষ্টিসমূহক ব্যাৱসায়িক ভিত্তিত আগুৱাই লৈ যোৱাৰ পৰিকল্পনা আছে বুলিও জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*