31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

    ফেচবুক সম্পৰ্কে কিছু তথ্যঃফেচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক যুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড' চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ প্ৰকাৰ-ব্যক্তিগত (planning IPO)

    ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল।

    আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ’বলৈ ‘ফেচবুক’ বুলি এটা নিজা ইন্টাৰনেট ৱেবচাইটঃ–“ডাইৰেক্টৰী চাৰ্ভিচ” ব্যবহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যবস্থা কৰে। ”ফেচবুক”— নামটো ইয়াৰ পৰাই লোৱা হয়। দ্রুতগতিত জনপ্রিয়তাৰ শিখৰত আৰোহণ কৰা ফেচবুকৰ জনপ্রিয়তা ক্রমান্বয়ে বৃদ্ধি পাইছে । ২০১৩ৰ জুলাই মাহৰ তথ্য অনুসৰি প্রায় ১১৫ কোটিৰো অধিক ব্যবহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেচবুক ব্যবহাৰ কৰে।

    ইয়াক ব্যবহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল’ব লাগে। সদস্য সকলে ইয়াত নিজৰ “প্ৰফাইল”ত স্বেচ্ছাৰে নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি প্ৰকাশ কৰাৰ উপৰিও ‘ন’টচ’ (ফেচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত ‘ব্লগ’),যোগাযোগ বা “মেচেজিং”, যুটীয়াভাবে ব্যবহাৰ কৰিব পৰা ফেচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট’ৰ কৰিব পৰা আদি বিভিন্ন সেৱা বিনামূলীয়াভাৱে লাভ কৰে।

    দৈনন্দিন ক্রমবৰ্ধমান জনপ্রিয়তাৰ আনুষংগিকভাৱে বিভিন্ন বিতৰ্কইও চুই গৈছে ফেচবুক্ ক। সময়ে সময়ে নানা অপ্রীতিকৰ ঘটনাৰ বাবে জগৰীয়া ক’ৰা হৈছে এই চছিয়েল মিডিয়াক। বিশেষকৈ অপহৰণ, প্রেমজনিত বিভিন্ন অঘটন , আদিয়েই প্রধান। এই প্রসংগতে আমি ক’বই লাগিব যে এয়া এক সম্পূৰ্ণৰূপে যান্ত্রিক পৃথিৱী । আমি মানুহ । যন্ত্র নহয় । কিন্তু, এখন যান্ত্রিক জগতত আমি নিজৰ আৱেগ অনুভূতিৰ ওপৰত নিয়ন্ত্রণ ৰখাৰ নিশ্চয় প্রয়োজনীয়তা আছে। অন্যথা আমাৰ দূৰ্বল মানসিকতাৰ বাবে আমি এক যান্ত্রিক মাধ্যমক দোষাৰোপ কৰাৰ কোনো কাৰণ নাই ।
    এই মাধ্যমৰ অপকাৰিতা আৰু উপকাৰিতাসমূহঃ—-

    উপকাৰিতাঃ—দিনে দিনে বৃদ্ধি হৈছে ফেচবুকৰ উপকাৰিতাৰ পৰিসৰ। ইয়াৰ জৰিয়তে আমি পৃথিৱীৰ ভিন্ন প্রান্তৰ লোকৰ সৈতে ৰাখিব পাৰো সহজ যোগাযোগ । কৰিব পাৰো বন্ধুত্ব স্থাপন। বাৰ্তা বিনিময়ৰ জৰিয়তে , জানিব পাৰো বিভিন্ন তথ্য বা খা খবৰ। বহুজনে বিছাৰি পায় প্রকৃত বন্ধু, জীৱন সংগী , পথ প্রদৰ্শক বা মেন্টৰ । ফেচ্ বুকত গ্রুপ খুলি , বহু সৃষ্টিমূলক কাম কৰিব পাৰি । গ্রুপবিলাকত যুক্ত হৈ লিখা মেলা বা যি কোনো কথাৰ সৃষ্টিমূলক কাম বা আলোচনাৰ মাধ্যমেৰে মানসিক পৰিসৰৰ ব্যাপ্তি ঘটোৱাৰ লগতে, নিজৰ সুপ্ত প্রতিভাৰ বিকাশ সাধন তথা অৱসৰৰ সময়ৰ সদপ্রয়োগ কৰিব পাৰি ।ফেচবুক পেজ’ খুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, ‘টিকাৰ’, ‘ৱাল’ আদি সুবিধাক ব্যবহাৰ কৰিব পৰাকৈ ইয়াৰ ‘গ্ৰাফ’ ‘এ পি আই’ (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে।

    অপকাৰিতাঃ—- অপকাৰিতা হিচাপে কোৱা হয় যে দৈনিক যদি ৮ ঘন্টাতকৈ বেছি ব্যৱহাৰ ক’ৰে এই মাধ্যম তেনেহ’লে তেওঁৰ স্মৃতিভ্রংশ হ’ব পাৰে । দৃষ্টি শক্তিৰ তাৰতম্য হ’ব পাৰে। মনোযোগিতা হ্রাস হ’ব পাৰে । কিছুসংখ্যক অপসংস্কৃতিৱান লোকে বিভিন্ন অসামাজিক কাৰ্যত এই মাধ্যমৰ অপপ্রয়োগ কৰিব পাৰে। ১৮বছৰতকৈ কম বয়সৰ ব্যৱহাৰকাৰীসকল বিপথে পৰিচালিত হ’ব পাৰে । ছাত্র-ছাত্রীসকলৰ শিক্ষাক্ষেত্রত বাধাৰ কাৰক হ’ব পাৰে।

    ফেচবুক সম্পৰ্কে কিছু তথ্যঃফেচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক যুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ
    প্ৰকাৰ-ব্যক্তিগত (planning IPO)
    প্ৰতিষ্ঠাঃ-কেম্ব্ৰিডজ, ম্যাচাচুসেট্চ, আমেৰিকা। প্ৰতিষ্ঠাপকঃ–মাৰ্ক যুকাৰবাৰ্গ,এডুৱাৰ্ড চাভেৰিন,ডাষ্টিন মস্কভাইট,ক্ৰিছ হিউজেছ
    মূখ্য কাৰ্যালয়ঃ—পাউলো আল্টো, কেলিফোৰ্ণিয়া, আমেৰিকা ।বৰ্তমান মেনলো পাৰ্ক, কেলিফোৰ্ণিয়া, আমেৰিকালৈ স্থানান্তৰিত কৰা হৈছে।

    কৰ্মৰ এলেকাঃ সমগ্র পৃথিৱী।
    উল্লেখযোগ্য ব্যক্তি • মাৰ্ক যুকাৰবাৰ্গ (CEO) ,ক্ৰিচ কক্স (VP of Product),চেৰ্লি চেণ্ডবাৰ্গ (COO),ডোনাল্ড ই গ্ৰাহাম (Chairman) কৰ্মচাৰী 3000+ (2011)
    ৱেবছাইট www.facebook.com
    IPv6 সেৱাঃ- www.v6.facebook.com
    এলেক্সা তালিকাত স্থানঃ—2 (November 2011)
    ৱেবছাইটৰ প্ৰকাৰ চচিয়েল নেটৱৰ্কিং সেৱা
    ব্যৱহাৰকাৰীঃ—৮০০ মিলিয়ন[5] (চেপ্টেম্বৰ ২০১১ত সক্ৰিয়)
    উপলব্ধ ভাষাঃ—Multilingual।
    প্রথমবাৰৰ বাবে প্ৰচলন হয়ঃ—৪ ফেব্ৰুৱাৰী, ২০০৪ ।বৰ্তমানেও সক্ৰিয়তাৰে বাহাল থকা ছচিয়েল মাধ্যমটিৰ অধিক শুভফলদায়ক প্রসাৰতা কামনা কৰিছো ।
    সকলো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থকাৰ দৰে ফেচ্ বুকো ব্যতিক্রম নহয় । গতিকে স্বনিয়ন্ত্রণে অত্যন্ত আৱশ্যক।
    লেখিকা: অনিতা গগৈ।

    Source:vikaspedia
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds