এটি সপোনৰ অপমৃত্যু ✒️স্মৃতি ৰেখা গগৈ

-স্মৃতি ৰেখা গগৈ

আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই
ভৰুণ মোৰ সপোন
বোৱতী নৈৰ দৰে জীৱনৰ গতি
বাধা বিহীন ধীৰ স্থিৰ

সময়ৰ বানে উটুৱাই
নিয়া জীৱনটোত
খেপিয়ালেই হাতত লাগি আহে
মোৰেই কলিজাৰ তেজেৰে ৰাঙলী হৈ
অ’ত ত’ত পৰি ৰোৱা
সোণোৱালী সপোনৰ
অৰ্ধগলিত দমৰ স্তুুপ


Be the first to comment

Leave a Reply

Your email address will not be published.


*