দুঃসময় দিনৰ সংলাপ
– পৰী ৰাজখোৱা
মাজনিশা জিলীকেইজনীয়ে বিনাই
কিবা যেন নোপোৱাৰ দুখত।
সময়বোৰ অতীত হল
অতীতৰ বাবেই আজি তাই
এচামৰ বাবে চৰিত্ৰহীনা।
বগা কাপোৰত দাগ লগাৰদৰে
তাই জীৱনত আঁকি দিলে বিভিন্ন ৰঙৰ কেনভাচ।
সিঁহতে তাইক দেখিলে হাঁহে
তাই হেনো জুঠা।
ৱাহ কি বিভিষিকাময় সময়বোৰ।
বুকুৰ ভিতৰত উমি উমি জ্বলি থকা
যন্ত্ৰণাৰ জুইকুৰা নিয়ন্ত্ৰণ কৰিবলৈ
চকুলোৰ প্ৰলেপ দিয়ে তাই নিতৌ।
কোনো পাৰ্থক্য নাই
জিলিকেইজনৰ বিননি আৰু তাইৰ বিননি।
য’ত আছিল তাইৰ
সুখবোৰ সাধ্যৰ বাহিৰত
আৰু দুখবোৰ নিতৌ যেন এক
প্ৰসাধন সামগ্ৰী।
Leave a Reply