পঞ্চাশোৰ্দ্ধ পুৰুষবোৰ ✒️ জুনমনি গগৈ

পঞ্চাশোৰ্দ্ধ পুৰুষবোৰ                           

✒️ জুনমনি গগৈ

পঞ্চাশোৰ্দ্ধ পুৰুষবোৰ  বৰকৈ ব্যস্ত থাকে
জীৱনৰ হিচাপ নিকাচত
বেংকে টনা গাড়ীবোৰ নিলাম হোৱাৰ দৰে সপোনবোৰো নিলাম হয় তেওঁলোকৰ

জীৱনৰ পাল্লাখনত ভাৰী হৈ পৰা সপোনটো পূৰণ হ’লে
এসাঁজ উদৰ পূৰাই খায় পঞ্চাশোৰ্দ্ধ পুৰুষবোৰে

ৰাতিলৈ বন্ধুমহলৰ সতে আড্ডা হয়
গোলাপী পানীয়ত পুৰণি প্ৰেয়সীয়ে ভূমুকি মাৰে..
বাৰে মিহলি  চানাত এখোজ দুখোজকৈ আৰম্ভ হয়
তেওঁলোকৰ উভটনি যাত্ৰা …..

সংসাৰৰ হিচাপ নিকাচত ব্যস্ত থকা পঞ্চাশোৰ্দ্ধ পুৰুষবোৰৰ পেটটো টেকেলি এটাৰ দৰে বাঢ়ে
স্মৃতিৰে চামনি পতা চকুগুৰিৰ মঙহ
কিছু ওলমি আহে…

পঞ্চাশোৰ্দ্ধ পুৰুষবোৰ ট্ৰেফিক জামত বৰকৈ ফচে !

ট্ৰেফিক জামত ফচা পঞ্চাশোৰ্দ্ধ পুৰুষবোৰে
সিদ্ধান্ত ল’ব নোৱাৰে
সুবিধা বুজি প্ৰাক্তন  প্ৰেয়সীক লগ ধৰিব
নে টেঙা মাছৰ জোলেৰে পত্নীৰ সতে এসাজ খাব !!…….

ঠিকনাঃ প্ৰধান শিক্ষয়িত্ৰী
বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ
যোৰহাট, নকছাৰি

Be the first to comment

Leave a Reply

Your email address will not be published.


*