♦ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া পালছ পলিঅ’ প্রতিষেধক প্ৰদান কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাত প্রায় ২ লাখ শিশুক প্রতিষেধক প্ৰদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।
ইয়াৰ বাবে ৪ হাজাৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীক নিয়োজিত কৰা হৈছে। কাইলৈ বুথ পৰ্যায়ত অর্থাৎ স্বাস্থ্য কেন্দ্ৰত পলিঅ’ৰ প্ৰতিষেধক দিয়া হ’ব। ৪ আৰু ৫ মাৰ্চত স্বাস্থ্যকর্মীয়ে ঘৰে ঘৰে গৈ ৩ মাৰ্চত প্রতিষেধক নোলোৱা শিশুক প্ৰতিষেধক প্ৰদান কৰিব। সমান্তৰালকৈ বাছ আস্থান আদিতো স্বাস্থ্যকর্মীয়ে প্রতিষেধক প্রদান কৰিব৷
Leave a Reply