কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা বঁটা ঘোষণা
কাজিৰঙা ২৭ জানুৱাৰী
তিনিটা বিভিন্ন শিতানত কাজিৰঙা বঁটা ঘোষণা কৰিছে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই৷আজি কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে৷
সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু সম্পাদক ৰঞ্জিত ৰজকে সংবাদমেলযোগে জনোৱা অনুসৰি, অহা ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত হ’ব৷ অনুষ্ঠানৰ প্ৰথমদিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত তিনিটা বিভিন্ন শিতানত কাজিৰঙা বঁটা প্ৰদান কৰা হ’ব৷ কাজিৰঙাৰ প্ৰথম গৰাকী সাংবাদিক, শিক্ষাবিদ প্ৰয়াত বাপকণ দাসৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ কাজিৰঙা বঁটা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাক প্ৰদান কৰা হ’ব৷
Leave a Reply Cancel reply