মংগল নায়কৰ প্ৰশিক্ষণেৰে পাছ সহস্ৰাধিক নাচনীৰে ঝুমইৰ নৃত্যৰ অভিলেখ
অসম খবৰ ষ্টাফ ৰিপৰ্টা ৰমেশ চন্দ্ৰ চুৰেণ ৫ অক্টোবৰ :
সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, আছা নগাওঁ জিলাৰ ব্যবস্থাপনাত, ঝুমইৰ সন্মিলনী নগাওঁ জিলা, অসম চাহ মজদুৰ সংঘ , বিচিএমএচ, আদিবাসী জাতীয় মহাসংঘ আৰু নগাওঁ বাসী ৰাইজৰ সহযোগত নগাওঁ জিলাৰ শালনাত অলপতে কেন্দ্রীয় কৰম উৎসৱ উদযাপন কৰা হয়। উক্ত কৰম উৎসৱত উদযাপন সমিতিৰ সভাপতি সীমাঞ্চল দিগাল, সম্পাদক পুৰণ গঞ্জু, কাৰ্য্যকৰী সভাপতি থানেশ্বৰ গড়, সম্পাদক চন্দন দিগাল আৰু সাংস্কৃতিক সম্পাদকৰ দায়িত্বত অসমৰ জনপ্ৰিয় শিল্পী মংগল নায়কক নিৰ্বাচিত কৰা হয় । সভাৰ এক ঐতিহাসিক সিদ্ধান্ত অনুসৰি
কৰম উৎসৱত ভাদ মাহৰ শুক্লা একাদশী তিথিত পাছ সহস্ৰাধিক নাচনীৰে ঝুমইৰ নৃত্য প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰাৰ পৰিকল্পনা কৰে কৰম উদযাপন সমিতিয়ে। সেই মৰ্মে অসমৰ জনপ্রিয় শিল্পী তথা উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক মংগল নায়কক দায়িত্ব অৰ্পণ কৰা হয় ৷ প্ৰথম অৱস্থাত সেয়া সম্ভৱপৰ নাছিল যদিও শিল্পীসুলভ মনোভাৱনা আৰু কণ্ঠশিল্পী হিচাবে খ্যাতি অৰ্জন কৰা মংগল নায়কৰ বাবে সহজসাধ্য হৈ পৰিল ৷ তেওঁৰ ব্যক্তিত্ব আৰু সুন্দৰ কণ্ঠৰ গৰাকীৰ বাবে স্বতঃস্ফূৰ্তই আগবাঢ়ি আহিল বহু নাচনী ৷ নগাওঁ জিলাৰ বাগিছা আৰু আদিবাসী অধ্যুষিত অঞ্চল সমুহৰ পৰা ৫৮৬০ গৰাকী নাচনীৰে অনুশীলনৰ বাবে বাচনি কৰা হয় ৷ উল্লেখ্য যে কণ্ঠশিল্পী গৰাকীয়ে নৃত্যৰ বাবে এক বিশেষ প্ৰশিক্ষণো আৰম্ভ কৰাৰ সমান্তৰালকৈ অনুশীলনো চলাই লৈ গৈছিল ৷ প্ৰথমাৱস্থাত নৃত্যৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণত প্ৰদান কৰাৰ অন্তত অনুশীলন কৰিব দিয়া হৈছিল নাচনী সকলক ৷
ইয়াৰ উপৰিও পাছ শতাধিক ঢুলীয়াকো অনুশীলন দি অহা মংগল নায়কে সকলোবোৰ প্ৰয়োজনীয় দিশ চোৱা-চিতা কৰে ৷ অৱশেষত এমাহ দিন ধৰি চলা অনুশীলনৰ অন্তত পাছ সহস্ৰাধিক নাচনী আৰু পাছশ ঢুলীয়াৰে ঝুমইৰ নৃত্যৰ বাবে সম্পুৰ্ণভাৱে সাজু কৰি তুলিবলৈ সক্ষম হয় শিল্পী মংগল নায়ক । প্ৰায় পাছ হেজাৰ আঠশ ষাঠি গৰাকী নাচনী আৰু পাছৰো অধিক ঢুলীয়াক লৈ
ভাদ মাহৰ শুক্লা একাদশী তিথিত জিলাখনৰ শালনা সামূহিক উন্নয়ন কেন্দ্রৰ খেলপথাৰত সমুহ অসমবাসী ৰাইজক সাক্ষী কৰি একেলগে পাছ সহস্ৰাধিক নাচনীৰে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰাই অসমত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় জনপ্ৰিয় শিল্পী মংগল নায়ক । তেওঁৰ এই কাৰ্য দক্ষতাক সকলোৱে একেমুখে প্ৰশংসা কৰে ৷ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ সাংস্কৃতিক দক্ষতাক উচ্চ প্ৰশংসা কৰাৰ লগতে মুকলি সভাত নায়কক বিশেষভাবে সম্বৰ্দ্ধনা জনাই ৷ইয়াৰ উপৰিও অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ জৰিয়তে এক বৃহৎ আকাৰৰ মানপত্ৰ প্ৰদান কৰা হয় ৷ তেওঁৰ সম্বৰ্দ্ধিত হোৱাৰ পাছতে সাংবাদিকৰে মুখামুখি হোৱা এক প্ৰশ্নৰ উত্তৰত এই সন্মান লাভে মোৰ জীৱনৰ বাবে ডাঙৰ কৃতিত্ব বুলি উল্লেখ কৰা মংগলে ভৱিষ্যতে সমাজৰ বাবেই সাংস্কৃতিক দিশত কাম কৰি যাব বুলি সদৰী কৰে
Leave a Reply