ৰঙাপৰাত ঈদ-এ-মিলাদুন্নবী উদযাপন

◊ ইছলাম ধৰ্মালম্বী লোকসকলৰ বিশ্ব নবী হজৰত মহম্মদ (দঃ) পৱিত্ৰ জন্ম দিনটো ঈদ-এ-মিলাদুন্নবী হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰেলনগৰী খ্যাত ৰঙাপৰাত ঈদ-এ-মিলাদুন্নবী বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷

বুধবাৰে নিশা ৮বজাৰ পৰা অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিৰ পূৰ্বে বিভিন্ন মোক্তাবৰ ইমাম সকলক উদযাপন সমিতিৰহৈ একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ মতি মছজিদ কমিটিৰ ঈদ-এ-মিলাদুন্নবী উদযাপন সমিতিৰ হৈ উদযাপন কৰা কাৰ্যসূচীত নিশাৰ ভাগত মতি মছজিদৰ ইমাম মৈলানা মুখতাৰ হুচেনৰ সামূহিক মাঙ্গলিক দোৱাৰে কাৰ্যসূচী আৰম্ভ হয়৷

মৈলানা মনজুৰ নিজবাহীয়ে (ৰহমান পুৰ মাদ্ৰাছা)বৈদ্ধিক দিশ সামৰি ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত উপস্থিত ৰাইজক সম্বোধি সাৰুৱা ওৱাজ নচিহত (ভাষণ)প্ৰদান কৰে। তেজপুৰ বাৰিকাচুবুৰী মছজিদৰ মৈলানা মুফটী তালেবদীন ৰেজবীয়ে ঈদ-এ-মিলাদুন্নবীৰ পৱিত্ৰ ক্ষণত ৰাইজৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী ডাল কটকটীয়া হোৱাৰ কামনা কৰি দোৱা কৰে। মতি মছজিদৰ ইমাম মৈলানা মুখতাৰ হুচেইনে তেওঁৰ উদ্দীপ্ত ভাষণেৰে হজৰত মহম্মদৰ জীৱনাদৰ্শৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰি উপস্থিত ভক্ত প্ৰাণ সকলক জ্ঞান ৰস প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*