শোণিতপুৰ বিশ্বনাথ জিলালৈ ভাল খবৰ :: হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ এতিয়া তেজপুৰতে সম্ভৱ ::

শোণিতপুৰ বিশ্বনাথ জিলালৈ ভাল খবৰ ::
হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ এতিয়া তেজপুৰতে সম্ভৱ ::

অসম খবৰ ডিজিটেল ডেস্ক তেজপুৰ ৩১ আগষ্ট :মধ্য অসম তথা উত্তৰ পাৰৰ চিকিৎসা ক্ষেত্ৰলৈ নতুন সংযোজন। শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাবাসী বাবে স্বাস্থ্য ক্ষেত্ৰত এক নৱতম সংযোগ ।

 

তেজপুৰৰ পৰোৱাৰ নিকামূলত স্থাপন কৰা Orthocare Hospital খন আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।


বিশেষকৈ চিকিৎসালয় খনত হাড়ৰ যিকোনো ৰোগৰ নিৰ্মূল, হাড় ভঙাৰ সকলো জটিল অস্ত্ৰোপচাৰ লগতে শিশুৰ হাড় জনিত সকলো ৰোগ নিৰ্মূলৰ বিশেষ চিকিৎসা “পেডিয়েট্ৰিক অৰথো”ৰ বিশেষ বিভাগৰ উপৰি উন্নতমানৰ ফিজিঅ থেৰাপী ব্যৱস্থা উপলব্ধ থকা কথা প্ৰকাশ কৰে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।
এই চিকিৎসালয়ত ICU ৰ ব্যৱস্থা থকা বুলি প্ৰকাশ কৰে।

এই চিকিৎসালয় খনত বিশিষ্ট ভাৱে চিকিৎসা সেৱা আগবঢ়াব অস্থিৰোগ বিশেষজ্ঞ ডাঃ পাৰ্থ দাস, ডাঃলেলিন শইকীয়া,
ডাঃ দেৱাশিষ বৰা লগতে ডাঃ ফিৰোজ পেগুৱে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*