ভাগ্যশ্ৰী দেৱী( ভৰালী) য়ে গৌৰৱ কঢ়িয়াই আনিলে বটিয়ামাৰী অঞ্চললৈ :: বিভিন্ন দল সংগঠনৰ শুভেচ্ছা ::
অসম খবৰ বিশ্বনাথ চাৰিআলি ১২জুন:
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে এই বাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তাৰ মাজতে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী অঞ্চলৰ প্ৰয়াত শিক্ষক তথা সমাজকৰ্মী খগেন ভৰালীৰ জেষ্ঠ কন্যা ভাগ্যশ্ৰী দেৱী( ভৰালী)য়ে বিহালী তথা বটিয়ামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ ৮৫.১৬% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে অতি দৰিদ্ৰ ছাত্রী গৰাকীক ব্যক্তিগত খণ্ডৰ আৰ. এল মেম’ৰিয়েল ইংলিছ স্কুলে সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান কৰিছিল । উক্ত বিদ্যালয় খনতে পিতৃ খগেন ভৰালীয়ে অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছিল, পৰৱৰ্তী সময়ত বিদ্যালয় খনতে তেওঁৰ কন্যা ভাগ্যশ্ৰী ভড়ালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ
পিতৃৰ সন্মান বৃদ্ধি কৰাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল । ইফালে ছাত্ৰ গৰাকীৰ এই সাফল্যত বৃহত্তৰ বটিয়ামাৰী অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,
বিজেপি ৰাজ্যিক সমিতি উপ: সভাপতি অশোক ভট্টৰায়,সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শ্ৰীমন্ত দাস,
বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক খগেন মটক, সহকাৰী সম্পাদক অম্লান কাশ্যপ চাহা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল, সমাজকৰ্মী প্ৰেমলাল গঞ্জুয়ে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে । অন্যহাতে, বিদ্যালয় কৰ্তৃপক্ষই দৰিদ্ৰ মেধাৱী ছাত্ৰী গৰাকীক আগুৱাই নিয়াত লোৱা ভুমিকাক স্থানীয় ৰাইজৰ লগতে সমুহ ভড়ালী পৰিয়ালবৰ্গই প্ৰশংসা তথা ধন্যবাদ জ্ঞাপন কৰিছে
Leave a Reply