Friday, July 11, 2025
34.4 C
Guwahati
TOP NEWS:

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গুৱাহাটীত সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ দুই জ্যেষ্ঠ সাংবাদিক

- Advertisement -

অসম খবৰ মায়ং ১৫ নবেম্বৰ :

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰতি বছৰে ৰাজ্যিক ভিত্তিত অবিৰত, নিষ্ঠাপূৰ্ণ কৰ্মৰ প্ৰতি সন্মান জনাই আহিছে।


বিগত বৰ্ষৰ দৰে এইবাৰো অহা ১৬ নবেম্বৰত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতত গুৱাহাটীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অবিৰত, নিষ্ঠাপূৰ্ণ সংবাদ সেৱা আগবঢ়ায় অহা ৰাজ্যৰ বিশিষ্ট সাংবাদিক সকলৰ লগতে মৰিগাঁৱৰ দুজনকৈ প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জনোৱাৰ বাবে নিৰ্বাচিত কৰাত মৰিগাঁৱৰ বিভিন্ন মহলে উষ্ম আদৰণি জনাইছে।

অসমৰ সংবাদ জগতত নিষ্ঠাৰে সুদীৰ্ঘ ৩২ বছৰতকৈও অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়ায় অহা দ্যা আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আৰু অসমীয়া খবৰ,দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাক কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সম্বৰ্ধনা জনাব অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে।মৰিগাঁৱৰ এই দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিক সম্বৰ্ধনাৰ বাবে নিৰ্বাচিত হোৱাত মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি, নাট্য অনুষ্ঠান সমলয়কে ধৰি একাধিক অনুষ্ঠান প্ৰতিষ্ঠানে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে।

দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিককে অসম চৰকাৰে দিয়া স্বীকৃতিৰ বাবে মৰিগাঁও চহৰৰ কেবাটাও সামাজিক, সাংস্কৃতিক সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ।

মৰিগাঁও গান্ধীভৱন-সাংস্কৃতিক সংঘ, মৰিগাঁও লেখিকা সংস্থা, মৰিগাঁও সদৰ বিহু সন্মিলন, মৰিগাঁও নগৰ বিহু সন্মিলনকে ধৰি বহু কেইটা অনুষ্ঠান- প্ৰতিষ্ঠানে দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকক শুভেচ্ছা জনোৱাৰ লগতে এই সন্মান তেওঁলোকৰ প্ৰাপ্য বুলি মত প্ৰকাশ কৰি অভিনন্দন জনাইছে।

Hot this week

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
33.2 ° C
33.2 °
33.2 °
61 %
0.4kmh
6 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
29 °
Tue
31 °