ৰাভা কৃষ্টিৰ সাধক ব্ৰজ মোহন ৰাভাৰ পৰলোকঃ অসম-মেঘালয়ত শোকৰ বন্যা

■ ৰাভা সংস্কৃতি জগতৰ এগৰাকী পুৰোধা সাধক ব্ৰজ মোহন ৰাভাৰ আজি মেঘালয়ৰ মেন্দিপথাৰ হৰিণকাটাস্থিত নিজ বাস ভৱনত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল সত্তৰ বছৰ। আজীৱন ৰাভা কৃষ্টি সংস্কৃতিৰ লগত জড়িত ব্ৰজ মোহন ৰাভা আছিল সদৌ ৰাভা কৃষ্টি সন্মিলনৰ এগৰাকী নিষ্ঠাবান কৰ্মী।

তেখেত ৰাভা কৃ্ষ্টিৰ অন্যতম ভাৰি গানৰ এগৰাকী ওজা হিচাপেও পৰিচিত আছিল। তেখেতৰ মৃত্যুত মেঘালয়ৰ লগতে অসমৰ ৰাভা সমাজৰ লোক সকল ম্ৰিয়মান হৈ উঠিছে ৷ আজি তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সদৌ ৰাভা কৃষ্টি সন্মিলন, ৰাভা কৃষ্টি সমাজৰ কৰ্মকৰ্তাৰ লগতে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই গভীৰ শোক ব্যক্ত কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.