Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

ৰাণী উন্নয়ন খণ্ড বিলুপ্ত বা স্থানান্তৰ নকৰি যথাস্থানতে ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আজাৰাঃ সমষ্টি পুনৰ গঠনৰ পিছত ৰাজ্যত প্ৰশাসনিক কাম-কাজ সমূহ ৰাইজৰ মাজলৈ নি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে সমষ্টি ভিত্তিত সম জিলা গঠনৰ কাম আৰম্ভ কৰিছে ৰাজ্য চৰকাৰখনে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তদাৰকতাত চলি থকা প্ৰশাসনিক সংস্কাৰৰ অংশহিচাপে ৰাজ্যজুৰি বহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বিলুপ্তকৰণ আৰু স্থানান্তকৰণ কৰা হব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাভাবিকতে এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ঠাইবিশেষে ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ মাজতে অসমৰ অন্যতম পুৰণি উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় হিচাপে পৰিচিত হৈ অহা তথা বৰ্তমানলৈ কামৰূপ আৰু কামৰূপ মহানগৰ দুয়োখন জিলাকে প্ৰতিনিধিত্ব কৰি অহা ৰাণী উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়টো কোনো কাৰণতে বিলুপ্তকৰণ নাইবা বৰ্তমানৰ স্থানৰ পৰা স্থানান্তৰ নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

এই সন্দৰ্ভত বিধায়ক কলিতাই জানিবলৈ দিয়া মতে গুৱাহাটীৰ লখৰাৰ সমীপৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি দক্ষিণ কামৰূপৰ চানডুবিৰ সমীপলৈকে অসম-মেঘালয় সীমান্তৰ প্ৰায় কুৰিখনমান জনজাতীয় বসতি প্ৰধান গাঁওৰ উন্নয়নৰ বিষয়টো ৰাণীৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগত জড়িত হৈ আছে। যদি কিবা কাৰণত ৰাণীৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো তাৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হয় বা বিলুপ্তকৰণ কৰা হয় স্বাভাবিকতে সেই গাঁও সমুহৰ বাসিন্দা সকল ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হব। ইতিমধ্যে গাঁওবাসী সকলেও কোনো কাৰণতে ৰানী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ৰাণীৰ পৰা আন ঠাইলৈ গলে তেঁওলোকে ভোগ কৰিব লগীয়া অসুবিধাৰ বিষয়ে কামৰূপ জিলা প্ৰশাসনক বিতংভাবে অৱগত কৰিছে। আনকি একাংশ গাঁওবাসীয়ে কিবা কাৰণত কাৰ্য্যালয়টো গুচি গলে তেঁওলোকে মেঘালয়ত চামিল হব বুলি হুংকাৰ পৰ্যন্ত দিছে।

এইখিনিতে উল্লেখ্য যে চুবুৰীয়া মেঘালয়ৰ ফালৰ পৰা সময়ে সময়ে সেই গাঁও সমুহ তেওঁলোকৰ অন্তৰ্গত বুলি দাবী কৰি অহাৰ লগতে সুযোগ বুজি অসমৰ ভিতৰত পথ পৰ্যন্ত নিৰ্মাণ কৰাৰ লগতে বাসিন্দা সকলক আন আন নাগৰিক সুবিধা প্ৰদান কৰাৰ বাবেও তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও ৰাণী উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় চৌহদত আছে পৰ্যাপ্ত মাটি-বাৰী আৰু চৌহদৰ আন্তঃগাঁথনিও যথেষ্ট উন্নতমানৰ। যদিহে কাৰ্য্যালয়টো বিলুপ্তকৰণ কৰি বা তাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰতকৈ অধিক নিলগৰ ঝাৰোবৰীত থকা চয়ানী-বৰদুৱাৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ লগত চামিল বা সংলগ্ন কৰি দিয়া হয় তেওঁলোকে তাক কোনো কাৰণতে মানি নলব। একেদৰে বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া বঙৰাৰ পৰাও ঝাৰোবৰী বহু দূৰ হোৱা বাবে সেই বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলো ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হ’ব।

ইতিমধ্যে এই বিষয়ে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো কেবাবাৰো অৱগত কৰা হৈছে যাতে কোনো কাৰণতে ৰানী উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়টো স্থানান্তৰ বা বিলুপ্তকৰণৰ দৰে সিদ্ধান্ত গ্ৰহণ নকৰে। অৱশ্যে ৰাজ্য চৰকাৰে সমষ্টি পুনৰ গঠনৰ পৰিপ্ৰেক্ষিতত ৰাণী উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় আৰু কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পশ্চিম গুৱাহাটীৰ পাঁচখন গাঁও পঞ্চায়ত ক্ৰমে-আজাৰা, কাঁহিকুছি, মাজিৰগাঁও, গড়ল আৰু ধাৰাপুৰক সামৰি নতুনকৈ এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় গঠন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছো। নিশ্চিতভাবে সেই সিদ্ধান্তক আদৰণি জনাইছোঁ। আনকি ৰাইজৰ আৱেগ-অনুভূতিৰ প্ৰতি সন্মান জনাই সেই সিদ্ধান্ত সোনকালে কাৰ্যকৰী কৰা আৰু নতুন খণ্ড উন্নয়নটোৰ নাম যাতে ৰামচাৰাণী ৰখা হয় তাৰ বাবেও আহ্বান জনাইছো।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °