ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ প্ৰশংসনীয় পদক্ষেপ

ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীৰ প্ৰশংসনীয় পদক্ষেপ। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত তাৰাজুলি চাহ বাগিচাৰ ৬ নং শ্ৰমিক লাইনৰ বৃষ্টি ছনাৰ পত্নী ৰেবতী ছনা(৪৮) দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী স্থিত বি বৰুৱা কেন্সাৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল। অসহায় মহিলা গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰঙাপৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক কৃষ্ণ কমল তাঁতী।

দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত ৰেবতী ছনাই উন্নত চিকিৎসা কৰিবলৈ যোগাৰ কৰিব পৰা নাছিল ধনৰ। আৰ্থিক ভাৱে সংকটত ভোগা পৰিয়ালটিৰ খবৰ পাই আজি বিয়লি ৫ মান বজাত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী তাৰাজুলি চাহ বাগিচাত উপস্থিত হৈ পৰিয়ালটিৰ খবৰ লয় আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পূজিৰ পৰা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য ৰেবতী ছনাৰ পৰিয়ালৰ সদস্যৰ হাতত অৰ্পণ কৰে। আৰ্থিক সংকটৰ বাবে ৰেবতী ছনাই যোগাৰ কৰিব পৰা নাছিল উন্নত চিকিৎসাৰ। আজি বিধায়ক কৃষ্ণ কমল তাঁতীৰ আৰ্থিক সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত ৰঙাপৰা উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী লক্ষীপ্ৰভা তাঁতী আৰু সোনাজুলী পঞ্চায়তৰ সভানেত্ৰী মনমী মুনিয়া উপস্থিত আছিল। আনহাতে বিগত দুদিন ধৰি বিধায়ক কৃষ্ণ কমল তাঁতীয়ে সমষ্টিৰ বিভিন্ন ঠাইৰ দুৰাৰোগ্যত আক্রান্ত হৈ থকা ৰোগীৰ অৱস্থাৰ বুজ লয় আৰু মুখ্যমন্ত্রী সাহায্য পুজিঁৰ পৰা আৰ্থিক সাহায্য তেওঁলোকৰ পৰিয়ালবৰ্গলৈ প্ৰদান কৰে। বিধায়ক তাঁতীৰ এনে ধৰণৰ কৰ্মৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.