ৰঙাপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বাইক ৰেলী

◆ ৰঙাপৰাঃ সমগ্ৰ ৰাজ্যত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলি থকা সময়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙাপৰাত এক বৃহৎ বাইক ৰেলী উলিয়াই সমগ্ৰ শোণিতপুৰ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু আটছা, আছা,গোর্খা ছাত্ৰ সন্থা,সদৌ অসম ভোজপুৰী ছাত্র পৰিষদকে আদি কৰি কেইবাটাও সংগঠনে ৰঙাপৰাৰ পৰা এক বৃহৎ বাইক ৰেলী উলিয়াই কা, আমি নামনো,বি.জে.পি গ’ বেক,সৰ্বানন্দ সোণোৱাল গ,বেক, আদি শ্লো’গানেৰ ৰঙাপৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে।

আজিৰ বাইক ৰেলিত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মানবেন্দ্ৰ ডেকা, ৰঙাপৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ বৰা,সভাপতি বাপন দাস বড়ো,অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপ শাখাৰ সহকাৰী সম্পাদক শিৱা কৰ্মকাৰ,সাংগঠনিক সম্পাদক সান্তনু তাতী,ক্ৰীড়া সম্পাদক পিতাম্বৰ দাস ,গোৰ্খা ছাত্ৰ সন্থাৰ ৰঙাপৰা আঞ্চলিকৰ সঞ্জয় লিম্বু,সদৌ অসম ভোজপুৰী ছাত্র পৰিষদৰ ৰঙাপৰা শাখাৰ সম্পাদক পিন্টু শাহে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.