Thursday, June 19, 2025
26 C
Guwahati
TOP NEWS:

৭১ বছৰীয়া বৃ্দ্ধাক বিয়া কৰালে ১৮ বছৰীয়া যুৱকে :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

অনলাইন ডেস্ক :প্ৰেম সঁচাই আচৰিত। প্ৰেমৰ শক্তিৰে মানুহে কি কি যে নকৰে! প্ৰেমে বয়সৰ সীমা নামানে বুলি কোৱা হয়।

প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিয়েই এজন ১৮ বছৰীয়া যুৱকে বিয়া পাতিলে ৭১ বছৰীয়া বৃ্দ্ধাক।

আন ১০ জনে এই প্ৰেমক দেখি নাক কোচালেও তেওঁলোকে কিন্তু নিজৰ প্ৰেমক লৈ, নিজৰ সংসাৰক লৈ অত্যন্ত সুখী।

আনে তেওঁলোকক দেখি কি কয় সেয়া কোনোদিন এই দম্পতীয়ে গুৰুত্ব দিয়া নাই। বৰ্তমান যুৱকজনৰ বয়স ২৩ আৰু মহিলাগৰাকীৰ বয়স ৭৬
। তেওঁলোক যেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া যুৱকজন আছিল ১৮ বছৰীয়া আৰু মহিলাগৰাকী আছিল ৭১ বছৰীয়া।

স্বামীৰ নাম গেৰী হাৰ্ডৱিক আৰু পত্নীৰ নাম আলমেডাৰ। ৬ বছৰ পূৰ্বে গেৰী হাৰ্ডৱিক আৰু আলমেডাৰে সংসাৰৰ পাতনি মেলিছিল। আলমেডাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত গেৰী উপস্থিত আছিল।

সেই প্ৰথম দৃষ্টিতেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। ১৮ বছৰীয়া গেৰী বহুদিনৰ পৰা এগৰাকী প্ৰেমিকাৰ সন্ধানত আছিল কিন্তু তেওঁ মনে মিলা কাকোকে পোৱা নাছিল। কিন্তু বৃদ্ধা আলমেডাৰক দেখাৰ লগে লগেই প্ৰেমত পৰে গেৰী।


যুৱকজনে খুব সোনকালেই বৃদ্ধাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আলমেডাৰেও অলপো পলম নকৰি গেৰী হাৰ্ডৱিকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

প্ৰেম আগবঢ়াই নিবৰ বাবে দুয়ো সোনকালেই বিয়া পতাৰ সিদ্ধান্ত লয়।
এই সম্পৰ্কটো আগুৱাই নিবলৈ কিন্তু প্ৰেমিকযুগলে বহু বাধা নিষেধ অতিক্ৰম কৰিব লগা হৈছিল। তথাপিও এজনেও আনজনৰ লগ নেৰিলে।

অৱশেষত সকলো বাধা অতিক্ৰমি চিৰজীৱনৰ বাবে দুয়ো এক হয়। খুব ধুনীয়াকৈ গেৰী আৰু আলমেডাৰ আগবাঢ়ি গৈছে সংসাৰ যাত্ৰাত। তেওঁলোক এতিয়া সুখী দম্পতী।

কিছুদিন পূৰ্বে ৬ বছৰীয়া বিবাহ বাৰ্ষিকী খুব ধুমধামেৰে উদযাপন কৰে গেৰী আৰু আলমেডাৰে। তেওঁলোক খুব সুখী দম্পতী।যিসকলে তেওঁলোকৰ সম্পৰ্কটোক লৈ নানা ধৰণৰ অৰ্থহীন কথা কৈছিল,সেইসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাই গেৰী আৰু আলমেডাৰে।


এই দুয়ো পতি-পত্নী ছ’চিয়েল মিডিয়াত বৰ সক্ৰিয়। তেওঁলোকে প্ৰায়ে ৰোমাণ্টিক ফটো বা আন যিকোনো ধৰণৰ সুখী মূহুৰ্তৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

বাতৰি সংগ্ৰহ প্ৰাগ নিউজ। ফটো সংগ্ৰহ: https://www.msn.com/en-gb/lifestyle/family-relationships/71-year-old-woman-marries-17-year-old-boy-just-three-weeks-after-meeting-him/ar-BBumKLB

- Advertisement -

Hot this week

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন,

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন,

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.4 ° C
25.4 °
25.4 °
96 %
0.7kmh
100 %
Wed
26 °
Thu
28 °
Fri
32 °
Sat
32 °
Sun
33 °