Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

৬ জানুৱাৰীৰ পৰা গুৱাহাটীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত অহা ৬ জানুৱাৰীৰ পৰা গুৱাহাটীত সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আগন্তুক ক্ৰীড়া প্ৰতিযোগিতাৰ সূচীৰ বিষয়ে অৱগত কৰে উত্তৰ পূৱ মণ্ডলৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ ক্ষেত্ৰীয় সচিব দীপক পুনিয়াই। সংবাদ মেলত দীপক পুনিয়াই কয় ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ গুৱাহাটীৰ দুটা স্থানত পাঁচদিনীয়াকৈ ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হব। তাৰ ভিতৰত জজ খেলপথাৰত দিবা-নৈশ আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত ষ্টেডিয়ামত কেৱল দিনৰ ভাগত খেলসমূহ অনুষ্ঠিত হব। প্ৰতিযোগিতাত উত্তৰ পূৱ মণ্ডলকে ধৰি মুঠ ছয়টা মণ্ডলে ভাগ লব। প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্বত থাকিব অসম ক্ৰিকেট সংস্থাৰ দ্বাৰা নিৰ্বাচিত আম্পায়াৰ। ৬ জানুৱাৰীত জজ খেলপথাৰত পুৱা ৭.৩০ বজাত প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম ৰাজা কিশোৰ, বিশিষ্ট অতিথি হিচাপে ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উপ সভাপতি জ্ঞান বাত্ৰা, এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ (এ এ ই ইউ) উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাস উপস্থিত থাকিব। ১০ জানুৱাৰীৰ দিনা সন্ধিয়া বৰঝাৰস্থিত হোটেল কিৰণশ্ৰীত প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হব। তাত বিজয়ী আৰু বিজিত দল, বিভিন্ন শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হব। আনহাতে সংবাদ মেলত এ এ ই ইউৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাস, প্ৰাধিকৰণৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ মিডিয়া মেনেজমেণ্ট কমিটীৰ সম্পাদক সুশীল লাল চৌধুৰী, যুটীয়া সম্পাদক ধীৰাজ কুমাৰ শৰ্মা, সদস্য দীপক কুমাৰ ভগত উপস্থিত থাকে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °