৫৮ নং তামুলপুৰ সমষ্টিৰ দৰঙাজুলি নিৰ্বাচনী প্ৰচাৰ সভাত অধ্যক্ষ ভট্টৰায়

 

দেওবাৰে  ৫৮ নং তামুলপুৰ সমষ্টিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উপস্থিত হয়  ৰাইজৰ লগত মত বিনিময় কৰে বিজেপি নেতা তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় ।

সভাত গোর্খা সমুদায়ৰ লোকসকলৰ অভাৱ অভিযোগ বুজ লোৱা লগতে  সমস্যাবোৰ অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সমাধান কৰা কথা প্ৰকাশ কৰে ভট্টৰায় সভাত।

অহা ৩০  অক্টোবত  হ’ব লগীয়া উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই । সভাত ভাৰতীয় জনতা পাৰ্টি, ইউ.পি.পি.এল আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.