31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৪২ বছৰৰ চাকৰি পৰিক্ৰমা সামৰি অৱসৰ ললে ৰাণীৰ বনকৰ্মী তাৰিণী চৰণ হালৈয়ে

    গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ বিভিন্ন দুৰ্গম প্ৰান্তত প্ৰায় ৪২ টা বছৰ কৰ্তব্য সম্পাদন কৰি কিছুদিন আগতে অৱসৰ গ্ৰহণ কৰিছে ৰাণীত জাংগল মেন হিচাপে পৰিচিত হৈ অহা বনৰক্ষী তাৰিণী চৰণ হালৈয়ে। উল্লেখ্য নলবাৰী অঞ্চলৰ এক ভিতৰুৱা অঞ্চলৰ বাসিন্দা তাৰিণী চৰণ হালৈয়ে ঘৰৰ আৰ্থিক দূৰাৱস্থাৰ বাবে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ কামৰ সন্ধানত ৰাণীলৈ আহি মাত্ৰ ১৮ বছৰ বয়সতে ১৯৮২ চনত বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত মাষ্টাৰৰোল শ্ৰমিক (কেজুৱেল বনকৰ্মী) হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ মাহিলী বেতন আছিল মাত্ৰ ২৪০ টকা। তাৰ পাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ১৯৯০ চনত হালৈক ৰাণীত থকা বন বিভাগৰ পৰিদৰ্শন বাংলোত চকীদাৰ হিচাপে নিযুক্তি দিয়ে।

    পৰৱৰ্তী সময়ত বিভাগীয় নীতি-নিয়মৰ মাজেৰে ২০০৬ চনত তেওঁ বনৰক্ষী পদত নিযুক্তি লাভ কৰে আৰু বিগত ১৮ টা বছৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বিভিন্ন দুৰ্গম প্ৰান্তত সুখ্যাতিৰে নিজৰ দায়িত্ব পালন কৰি অবশেষত মেঘালয় সীমান্তৰ ৰাণীৰ শুকুৰবৰীয়া খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা বন খন্ড কায্যলয়ত কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে কালি খণ্ড বন বিষয়া কাৰ্যালয়ত আয়োজিত এক বিদায় সভাত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মন, শুকুৰবৰীয়াৰ খণ্ড বন বিষয়া দুলু মহন্ত, সজ্জনপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া সমীৰ আলীকে ধৰি সহকৰ্মী বনকৰ্মী সকলে শৰাই, গামোচা, জাপি, ছাঁতি, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰি আবেগিকভাৱে তাৰিণী চৰণ হালৈক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰে। আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি তাৰিণী চৰণ হালৈয়ে কয়-যে ৰাণীৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ জয়পুৰ বেলগুৰী শুকুৰবৰীয়া, নালাপাৰা বিক্রমপুৰ, গণপতি, মৈৰাপুৰ, গাৰোপাৰা, আদি অঞ্চলৰ গাঁওৰ মানুহৰ মাজত থাকি কাম কৰি ভাল পাইছিল আৰু অঞ্চলৰ ৰাইজৰ পৰা লাভ কৰা মৰম মৃত্যু পৰ্যন্ত স্মৰণীয় কৰি ৰাখিব। সভাত ভালে কেইজন গাঁওবাসীও উপস্থিত আছিল।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.