Saturday, May 17, 2025
25.1 C
Guwahati

২০২৪-২৫ বৰ্ষৰ চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰী এঞ্জেল মহন্তই প্ৰতিযোগিতাখনিৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ভাগ লৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে আনন্দৰ বন্যা নামে মডাৰ্ণ ইংলিছ স্কুললৈ।

এই গৌৰৱময় কৃতিত্বৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ অধ্যক্ষা শ্ৰীমতী জোনালী দাসে কয়, “ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা চি বি এছ ই নেশ্যনেল শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত তৃতীয় স্থান দখল কৰি আমাৰ বিদ্যালয়ৰ ছাত্ৰী এঞ্জেল মহন্তই সমগ্ৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰবল বাসনাই তেওঁক এই ঈৰ্ষণীয় সফলতা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় মঞ্চত তেওঁৰ দক্ষতা আৰু খেলৰ প্ৰতি দায়িত্বশীল মনোভাৱে আজি মডাৰ্ণ ইংলিছ স্কুলক সঁচাকৈয়ে অতিশয় গৌৰৱাম্বিত কৰিছে।”

উল্লেখ্য যে, বৰ্তমান চলি থকা চি বি এছ ই ক্লাষ্টাৰ-১ প্ৰতিযোগিতাত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ডবা, যোগাসন, টেবুল টেনিছ, এথলেটিকছ, ২০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ইফালে, মডাৰ্ণ ইংলিছ স্কুলে গুৱাহাটীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত চলিত বৰ্ষৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ চি বি এছ ই ক্লাষ্টাৰ-১ বেডমিণ্টন প্ৰতিযোগিতাখনিৰো সাফল্যপূৰ্বক আয়োজন কৰে।

- Advertisement -

Hot this week

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
few clouds
23.6 ° C
23.6 °
23.6 °
91 %
1.6kmh
11 %
Fri
23 °
Sat
35 °
Sun
36 °
Mon
35 °
Tue
37 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds