১৪ বছৰীয়া ছাত্ৰী ডিম্পল কামোৱাতৰ হত্যাৰ ন্যায় বিচাৰি নলবাৰীত প্ৰতিবাদ

■ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ’ য়ে ১৪ বছৰীয়া ডিম্পল কামোৱাতৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে হত্যাকাৰীয়ে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে অসম চৰকাৰক দাবী জনায় নলবাৰী চহৰৰ জিলিকনি চ’কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদ স্থলিত কৰ্মী সকলে ছাত্ৰী হত্যা ধৰ্ষণ বন্ধ কৰক, গুৱাহাটীৰ উজান বজাৰৰ ১৪ বছৰীয়া ছাত্ৰী ডিম্পল কমোৱাতৰ হত্যাকাৰীক অবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক,গুৱাহাটীৰ উজান বজাৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল কমোৱাতৰ নৃশংস হত্যাৰ লগত জড়িত অপৰাধীসকলক অবিলম্বে গ্ৰেপ্তাৰ কৰক আৰু ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.