হোজাইত ৱাৰিৱৰ্ছৰ উদ্যোগত নাৰী দিৱস উদযাপন

হোজাইত ৱাৰিৱৰ্ছৰ উদ্যোগত নাৰী দিৱস উদযাপন :

অসম খবৰ ডিজিটেল ডেস্ক ৮ মাৰ্চ :

হোজাই জিলা ৱাৰিৱৰ্ছৰ আৰু লংকা লেখিকা সংস্থাৰ সহযোগত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে।
নাৰী দিৱসৰ উপলক্ষে লংকাৰ পৰশুৰাম ছোৱালী হাইস্কুলত বৃক্ষ ৰোপণ ,গীত,কবিতা ,নাৰী সুৰক্ষা ,নাৰীৰ স্বাধীনতা ৱাৰিৱৰ্ছৰ সজাগতাৰ আদি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে।

অনুষ্ঠানটোত উপস্থিত থকা হোজাই জিলা ৱাৰিৱৰ্ছৰ উপদেষ্টা খগেশ্বৰী গোস্বামী ,উপদেষ্টা ডাঃকুইন শৰ্মা,অধিবক্তা জোনমনী ডেকা ,জনসংযোগৰ প্ৰাগ নিউজৰ সাংবাদিক হেমন্ত গোস্বামী ,উপদেষ্টা মলয়া তামুলী ফুকন ,ৰিতুমণী তামুলী ফুকন ,বিত্ত সম্পাদিকা বিন্দীয়া কৌৰ,সহ সম্পাদিকা চন্দনা ডেকা,জিলমিল বৰঠাকুৰ, লিলা বৰা,সৰুমণী হাজৰিকা,দিপ্তী মুডৈ,শুভাষীশ শেখৰ নাথৰ লগতে লংকা লেখিকা সংস্থাৰ সভাপতি সম্পাদক প্ৰমূক্ষে বিভিন্ন স্হানৰ বিষয়বৱীয়া আৰু সধস্যা সকল ।

নাৰী সৱলীকৰণ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে হোজাই জিলাৰ বিশিষ্ট সমাজসেৱীকা মৌচুমী শৰ্মাই আৰু আইনী সুৰক্ষাৰ ওপৰত ভাষণ প্ৰদান কৰে অধিবক্তা জোনমণী ডেকাই । আনহাতে ৱাৰিৱৰ্ছৰ সমূহ কাৰ্যসূচী বিষয় ৰাইজক অৱগত কৰে হোজাই জিলাৰ ৱাৰিৱৰ্ছৰ সভাপতি
নিবেদিতা শৰ্মাই

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.