হাজো আৰক্ষী জালত দুজকৈ ড্ৰাছ ব্যৱসায়ী।

  • হাজো আৰক্ষীৰ পুনৰ আন এক বৃহৎ সফলতা।
  • হাজো আৰক্ষী জালত দুজকৈ ড্ৰাগছ্ ব্যৱসায়ী।

হাজো আৰক্ষীৰ বিশেষ খবৰৰ ভিত্তিত হাজোৰ বৰ্ণিত ইছমাইল হুছেইনৰ বাসগৃহত হাজো আৰক্ষী উপস্থিত হোবাত ঘৰৰ পৰা ইছলাম হুছেইন দৌৰি পলাবলৈ চেষ্টা কৰে হাজো আৰক্ষী যে খেদি খেদি ধৰিবলৈ সক্ষম হয ইছলাম হুছেইন নামৰ লোক জনক।পিছত হাজো আৰক্ষী ইছলাম হুছেইনৰ বাসগৃহৰ লগতে বৌযেক পাৰবিন চুলতান বাসগৃহৰ পৰাও তালাচী চলাই জব্দ কৰে ১০ গ্ৰাম সন্দেহজনক হিৰ’ইনৰ লগতে ৩৫ হাজাৰ নগদ ধন।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত আটক হৈছে হাজোৰ বৰ্ণিৰ ইছমাইল হুছেইন (সৰু) আৰু পাৰবিন চুলতানা নামৰ দুজনকৈ ড্ৰাগছ ব্যৱসায়ী।

দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত ইছমাইল হুছেইন (সৰু) আৰু পাৰবিন চুলতানা নামৰ লোক দুজন। সম্বন্ধত দূযোজন বৌয়েক আৰু দেওৰ। হাজো আৰক্ষীযে শোধ পোচৰ বাবে আটক কৰিছে দুয়োকে। হাজো আৰক্ষী যে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তদন্ত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.