স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ জামুগুৰি আঞ্চলিক সমিতি দ্বিতীয় খন কাৰ্যনিৰ্বাহ সভা সম্পন্ন :

স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ জামুগুৰি আঞ্চলিক সমিতি দ্বিতীয় খন কাৰ্যনিৰ্বাহ সভা সম্পন্ন :

অসম খবৰ ডিজিটেল বিশ্বনাথ ১৬ ফেব্ৰুৱাৰী :

মঙ্গলবাৰে অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগনন
Wariors জামুগুৰী আঞ্চলিক সমিতিৰ দ্বিতীয় খন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয় জামুগুৰীত।

নাৰী অধিকাৰ আৰু নাৰী সুৰক্ষা সমাজ সেৱাৰ স্বাৰ্থত কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠনটোৰ দ্বিতীয় খন কাৰ্যনিৰ্বাহ সভাত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। জামুগুৰি আঞ্চলিক সমিতিৰ
সভাপতি ৰক্তিম গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভা খনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শোণিতপুৰ জিলাৰ বিত্ত সম্পাদিকা স্মৃতি ৰেখা হাজৰিকাই।

ইয়াৰ পিছতে এটি ঘোষাৰে উদ্বোধন কৰে জামুগুৰি আঞ্চলিকৰ সক্ৰিয় সদস্য কল্যাণী হাজৰিকাই। সভাখনত বিশিষ্ট অতিথিৰ হিচাপে উপস্থিত থাকে ৰাজ্যিক সম্পাদিকা সুস্বপ্না হাজৰিকা,ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণা শৰ্মা আৰু শোণিতপুৰ জিলাৰ নৱ নিৰ্বাচিত সভাপতি সুনীল আগৰৱালা।

এই কাৰ্যনিৰ্বাহ সভাতে শোণিতপুৰ জিলাৰ নতুন সভাপতি নিৰ্বাচন কৰা হয়
জামুগুৰি আঞ্চলিকৰ সম্পাদক সুনীল আগৰৱালাক। সাংগঠনিক দিশত মন্তব্য প্ৰদান কৰে ৰাজ্যিক সম্পাদিকা সুস্বপ্না হাজৰিকাই । হাজৰিকাই আগন্তুক সংগনটটোৰ কি দৰে কাম কৰিলে ৰাইজৰ উপকৃত হ’ব তাৰ ওপৰত বহলাই বাখ্যা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.