Friday, May 23, 2025
26 C
Guwahati

স্বাধীনতাৰ ৭৫ বছৰ পিছতো ঘগ্ৰাপাৰৰ দামোদৰ ধাম পথটো নিৰ্মাণ নহ’ল : পকীকৰণৰ দাবীত ৰাজপথলৈ উলাই আহিল ক্ষোভিত ৰাইজ :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

স্বাধীনতাৰ ৭৫ বছৰ পিছতো ঘগ্ৰাপাৰৰ দামোদৰ ধাম পথটো নিৰ্মাণ নহ’ল :
পকীকৰণৰ দাবীত ৰাজপথলৈ উলাই আহি ক্ষোভিত ৰাইজ ::

 

অসম খবৰ প্ৰতিনিধি
নলবাৰী: ফইজুল হক চৌধুৰী

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ’কৰ পৰা পূৱ দিশেৰে জানোপাৰ,দুই নং নিমুৱা লাটিমা হৈ চিলিং সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ পথ স্বাধীনতা ৭৫ বছৰ পিছতো পকীকৰণ নোহোৱাত আজি দুপৰীয়া ভাগত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে। গাঁৱখনৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা এই পথছোৱা পকীকৰণ দাবীত ৰাজপথলৈ ওলাই আহি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গান দিয়ে। লগতে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইনে ভাষণ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গৃহ গাঁৱৰ লাটিমাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰ গাঁৱখনৰ একমাত্ৰ পথছোৱা আজি পৰ্যন্ত পকীকৰণ নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। লগতে নেতাগৰাকীয়ে কয় যে উক্ত পথছোৱা এজাক বৰষুণতে বোকা-পানী একাকাৰ হোৱা উপৰিও পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,পথচাৰী আৰু বেমাৰ -আজাৰ হোৱা ৰোগী অহা -যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ অহাৰ সমস্যা শীঘ্ৰে আঁতৰাবলৈ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে। পিছে এই ক্ষেত্রত বিধায়ক বৰুৱাই কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়হে ক’ব পাৰি।


ইফালে ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকত শেহতীয়াভাৱে এম জি এন্ ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ,অনময় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে মাস্ক -ছেনিটাইজাৰ বিতৰণতো ব‍্যাপক দুৰ্নীতি-সংঘটিত হোৱা লগতে বিভিন্নখন আঁচনিৰ কাম -কাজ পৰিচালনাত ব‍্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিয়োগ তুলিছে।

- Advertisement -

Hot this week

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90 %
1.2kmh
100 %
Fri
33 °
Sat
35 °
Sun
29 °
Mon
26 °
Tue
25 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds