Wednesday, July 9, 2025
25.2 C
Guwahati
TOP NEWS:

সাম্প্ৰতিক পৰীক্ষাৰ ফলাফল আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত ৰঙাপৰা মহাবিদ্যালয়ৰ অন লাইন কৰ্মশালা

ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই সঞ্চালনা কৰা আৰু অধ্যাপক প্ৰশান্ত বড়োৱে আঁত ধৰা গুগুল মিটত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ, অধ্যাপক, অভিভাৱক ছাত্ৰ ছাত্ৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি সহ প্ৰায় ৫৫ গৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰে।

- Advertisement -

♦উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া যদি বৈধ হয়, মূল্যায়নৰ প্ৰমাণ পত্ৰ ও বৈধ হ’ব লাগে। চৰকাৰৰ নীতি নিয়ম অনুসৰিয়ে এই মূল্যায়ন হ’ব আৰু স্বচ্ছ হ’ব। ৰঙাপৰা মহাবিদ্যালয়ে আজি বিয়লি ৩ বজাৰ পৰা আয়োজন কৰা ‘গুগুল মিট’ আৰু ‘ইউটিউব’ৰ জৰিয়তে অনুষ্ঠিত কৰা ‘সাম্প্ৰতিক পৰীক্ষাৰ ফলাফল আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনত ইয়াৰ প্ৰভাৱঃ এক আইনী বিশ্লেষণ’ শীৰ্ষক অনলাইন আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ সম্পাদক মহম্মদ আবুল হাছান অল আমানে এনদৰে কয়।

তেওঁ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে চৰকাৰ, শিক্ষা বিভাগ, অভিভাৱক,ছাত্ৰ ছাত্ৰী দায়ী নহয় বুলি উল্লেখ কৰে। ক’ভিড সৃষ্টি পৰিবেশৰ বাবে শিক্ষাৰ্থীৰ শিক্ষা বৰ্ষ যাতে নষ্ট নহয় তাৰ বাবে এই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি দফা ৫ অনুসৰি যি বিতৰ্ক হৈছে সেই দফা বাতিল কৰিলেই সমস্যাৰ সমাধান হ’ব। তেওঁ শিক্ষাৰ্থী সকলক মানসিক চাপ নিদিবলৈ আহ্বান জনায় আৰু কয় যে ইতিমধ্যে চৰকাৰে যি ঘোষণা কৰিছে যে যি সকল ছাত্ৰ ছাত্ৰীয়ে এই ফলাফলত সন্তুষ্ট নহব তেওঁলোকে পুনৰ পৰীক্ষা দিব পাৰিব বুলি কৰা ঘোষনাই শিক্ষাৰ্থী সকলক মানসিক চাপৰ সৃষ্টি কৰিব। এনে ব্যৱস্থা উচ্চ শিক্ষাত আছে আৰু সকলো বিষয়ত পৰীক্ষা দিব নোৱাৰে কেৱল এটা বিষয়ত পৰীক্ষা দিয়াৰ নিয়ম থকা বুলি উল্লেখ কৰে।

ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই সঞ্চালনা কৰা আৰু অধ্যাপক প্ৰশান্ত বড়োৱে আঁত ধৰা গুগুল মিটত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ, অধ্যাপক, অভিভাৱক ছাত্ৰ ছাত্ৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি সহ প্ৰায় ৫৫ গৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰে। এই আলোচনা চক্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা প্ৰবীণ মহন্ত আলোচকৰূপে অংশ গ্ৰহণ কৰি কয় শিক্ষা সাংসদ স্বতন্ত্ৰ অনুষ্ঠান। তেওঁলোকে সকলো নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহন কৰিব পাৰে যদিও কভিড সৃষ্ট পৰিবেশৰ বাবে চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰন কৰিবলগীয়া হৈছে। পৰীক্ষা সন্দৰ্ভত তেওঁ আইনগত দিশ সমুহ দাঙি ধৰি সংবিধানৰ ১৪,১৬ ১৯(১-জি) য়ে প্ৰদান কৰা অধিকাৰ সমুহৰ বিষয়ে কয়। ৮৬ তম শিক্ষাৰ সংশোধনী অনুসৰি ৬-ৰ পৰা ১৪ বছৰলৈ শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে। সাংবিধানিক ভাৱে এজন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ পাছত যিকোনো ঠাইত সংস্থাপনৰ অধিকাৰ লাভ কৰিব। তেনে পৰিস্থিতিত মূল্যায়ন কৰাৰ অনুমতি প্ৰদান কৰি চাকৰি পোৱা নোপোৱাৰ বিষয়টো জড়িত হ’ব নোৱাৰে৷

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
91 %
2kmh
100 %
Wed
28 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
28 °