সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলনঃ কৰ্মবিৰতি পালন

♦কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ বিভিন্ন সমস্যাৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ সকলো থানাৰ কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান সকলে কৰ্মবিৰতি পালন কৰে৷

জিলাখনৰ দুধনৈ আৰু কৃষ্ণাই আৰক্ষী থানাতো কৰ্মবিৰতি পালন কৰিছে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে৷ মূলত তিনিটা দাবীৰে এই কৰ্মবিৰতি পালন কৰিছে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে৷ দাবী সমূহ হৈছে ক্ৰমে, অসমৰ গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ চাকৰি নিয়মীয়াকৰণ, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আদায় দিয়া আৰু গৃহৰক্ষী জোৱান সকলৰ মকবলৰ ক্ষেত্ৰত অনলাইন ডেপ্লয়মেন্ট চিষ্টেম অতি সোনকালে বন্ধ কৰা৷ এই দাবী সমূহ অহা ৭ দিনৰ ভিতৰত পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত কৰ্ম সম্পাদন কৰাৰ পৰা বিৰত থকাৰ লগতে ৰাজ্যত ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ পৰিয়াল সমূহে ভোটদানৰ পৰাও বিৰত থাকিব বুলি ক্ষোভেৰে মন্তব্য প্ৰকাশ কৰিছে কৰ্মবিৰতিত অংশকাৰী গৃহৰক্ষী বাহিনীৰ জোৱান সকলে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.