Friday, May 16, 2025
25.1 C
Guwahati

সদৌ অসম কবি মঞ্চৰ গ্ৰন্থ উন্মোচনী সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

তিনিখনকৈ গ্ৰন্থ উন্মোচন

৩০ অক্টোবৰ,গুৱাহাটী বিশ্ববিদ্যালয়, শনিবাৰে সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত “প্ৰজ্ঞাৰ সন্ধানত”ৰ চতুৰ্থ সংখ্যা, বৃহত্তৰ ৰঙিয়া কবি মঞ্চৰ মুখপত্ৰ “ৰঙিয়াল ৰঙিয়া”ৰ দ্বিতীয় সংখ্যা আৰু বিশিষ্ট লেখিকা ড° ৰুণুমী দত্ত ডেকাৰ আধ্যাত্মিক গ্ৰন্থ “জীৱনৰ প্লেটফৰ্ম” উন্মোচন কৰা হয়। আলোচনীখনৰ চতুৰ্থ সংখ্যাটো এইবেলি ছপা আকাৰে প্ৰকাশ কৰা হয়৷ তদুপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সভাকক্ষত পুৱা ১১ বজাত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়৷ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা সভাত প্ৰাৰম্ভতে চয়নিকা কলিতাই এটি ধৰ্মীয় গীত পৰিৱেশন কৰে৷ সভাত আদৰণী ভাষণ আগবঢ়ায় সদৌ অসম কবি মঞ্চৰ কাৰ্যকৰী সভাপতি মণ্টু কলিতাই৷ সভাৰ আঁত ধৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড° হিতেশ বৰ্মনে৷ গ্ৰন্থকেইখন উন্মোচন কৰে ক্ৰমে “প্ৰজ্ঞাৰ সন্ধানত” গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° হৰিপ্ৰসাদ শৰ্মা, “ৰঙিয়াল ৰঙিয়া” বিশিষ্ট কবি মনোজ দাস আৰু ৰুণুমী দত্ত ডেকাৰ “জীৱনৰ প্লেটফৰ্ম” গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা এমট্ৰনৰ উপ-প্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ ৷ গ্ৰন্থ উন্মোচনী সভাত উন্মোচকসকলে সদৌ অসম কবি মঞ্চৰ এনে পদক্ষেপৰ শলাগ লয় আৰু এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়৷ কবি মঞ্চৰ এনে পদক্ষেপে সাহিত্যিকসকলক লিখি যাবলৈ অনুপ্ৰেৰণা যোগাই যাব বুলিও উল্লেখ কৰে৷ গ্ৰন্থ উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড° প্ৰশান্ত শৰ্মা উপস্থিত থাকে৷ মুখ্য অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰে যদিও তেওঁ এটি ভিডিঅ’ৰ জৰিয়তে ভাষণ পঠিয়ায় আৰু প্ৰজেক্টৰৰ জৰিয়তে উক্ত ভাষণ শুনোৱা হয়৷ অনুষ্ঠানত কবিতা আবৃত্তি কৰে সৌমেন চক্ৰৱৰ্তী, অধীৰ দাস, আইনৰ ছাত্ৰী প্ৰজ্জ্বলিকা ভৰদ্বাজ, গাৰ্গী ভৰদ্বাজ, শিখা শইকীয়া, মাইতী দাসে ৷ সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত “প্ৰজ্ঞাৰ সন্ধানত” সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে সম্পাদনা কৰাৰ বিপৰীতে “ৰঙিয়াল ৰঙিয়া”খন সম্পাদনা কৰে অলকেশ কলিতাই৷ উল্লেখ্য, গ্ৰন্থ উন্মোচনী সভাত সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা সাংবাদিক মোস্তাফা আহমেদ, সভাপতি জাভেদ জামান, প্ৰধান সম্পাদক জিতু কাঞ্চন, কাৰ্যকৰী সভাপতিদ্বয় মানসী শইকীয়া, মণ্টু কলিতা, বিশিষ্ট কবি অধীৰ দাস, চাংসাৰি এইম্‌ছ নিৰ্মাণ সমিতিৰ মদন চন্দ্ৰ ডেকা, সদৌ অসম কবি মঞ্চৰ ত্ৰৈলোক্য লহকৰ, সমাজকৰ্মী দিলীপ পাটগিৰি, সদৌ অসম কবি মঞ্চৰ সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি কুটুম, কোষাধ্যক্ষ নয়ন কমল মহন্ত, আবৃত্তিকাৰ কবিতা দেৱী, সদৌ অসম মঞ্চৰ পত্ৰিকা সম্পাদক ছাকিল আহমেদ, কাব্য সংকলন সম্পাদক অলকেশ কলিতা, অণু আফ্ৰিনকে ধৰি প্ৰায় শতাধিক কবি তথা সদস্য উপস্থিত থাকে৷

- Advertisement -

Hot this week

Army Chief Upendra Dwivedi Grants Full Authority for Counteraction on Ceasefire Violations

Army Chief General Upendra Dwivedi reviewed the security situation...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

The Biggest Hollywood Celebrities Visit the Ranches of California

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds