31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত হ’বলগীয়া শ্ৰমিক গৰ্জনৰ প্ৰচাৰ বাগিছাই বাগিছাই তুংগত

    ♦ ৰঙাপৰাঃ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ইতিমধ্যে ৰাজ্যত অনুষ্ঠিত হৈ আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী। অসম চাহ মজদুৰ সংঘৰ উদ্যোগত ইতিমধ্যে ৰাজ্যত অনুষ্ঠিত হ’ব বৃহত প্ৰতিবাদী কাৰ্যসূচী। শ্ৰমিকসকলৰ ১১ দফিয়া দাবী সম্বলিত অসমৰ তিনিটাকৈ স্থানত অনুষ্ঠিত হ’ব শ্ৰমিক গৰ্জন কাৰ্যসূচী।

    এই কথা সদৰি কৰিছে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনীল টুটীয়ে। চাহ মজদুৰ সংঘৰ ৰঙাপৰা স্থিত কাৰ্যালয়ত সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে যে, অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰায় ১০৬ টা জাতি উপজাতিৰ সকলোকে তৎকালীনভাবে জনজাতিৰ কৰণৰ ব্যৱস্থা কৰা, অসমৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ভোগ দখল কৰি থকা ভূমিৰ ভূমি পট্টা প্ৰদানৰ লগতে ভূমিহীন লোকসকলক পট্টাসহ মাটি আৱন্টন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ চাহ জনগোষ্ঠী আদিবাসী শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক চৰকাৰী চাকৰিত যোগ্যতা অনুসৰি অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তিৰ ব্যৱস্থা কৰা, অসম চাহ নিগমৰ অন্তৰ্গত থকা ১৪ খন চাহ-বাগিচা পুণৰ উজ্জীৱিত কৰা ইত্যাদি৷

    ১১ টা দাবী লৈ অসমৰ চাহ মজদুৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই বৃহৎ কাৰ্যসূচীত প্ৰায় উত্তৰ অসমৰ প্ৰায় ৫০,০০০ হেজাৰ চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱস্ত্য কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে। সুনীল টুটীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে শ্ৰমিক গৰ্জনৰ প্ৰচাৰ বাগিছাই বাগিছাই তুংগত। ৰঙাপৰা অঞ্চলত প্ৰচাৰত ক্ষেত্ৰত সুনীল টুটীৰ লগতে উপ সভাপতি বিদবাচ বাগ, গাণনিক গজেন শইকীয়া আৰু অমিয় বৰঠাকুৰে অংশগ্ৰহণ কৰিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.