শিৱসাগৰ হাঁহচৰা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি

■ শিৱসাগৰ হাঁহচৰা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি
■ ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ কামত কেলেংকাৰি
■ এক মুখে স্বীকাৰ কৰিছে পঞ্চায়ত ৱাৰ্ড সদস্যাই
শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ
● শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়তৰ জাঠিপটিয়া ৭ নং ৱাৰ্ডৰ মৰাণ গাঁৱৰ ৰঙ্গ মঞ্চৰ সমীপত পঞ্চায়তৰ তৰফৰ পৰা আৱণ্টন হোৱা টকাৰে নিৰ্মাণ কৰা শৌচাগাৰত সংঘটিত হৈছে এই কেলেংকাৰী।

১,৪৫,০০০ টকাৰে আৱন্টন দিয়া শৌচাগাৰ নিৰ্মাণৰ কাৰ্য্যত সংঘটিত এই দুৰ্নীতি অভিযোগ । উক্ত শৌচাগাৰ অৰ্ধনিৰ্মাণ কৰিয়ে আবন্টিত ধন লবৰ বাবে যো-যা কৰোতে উক্ত তথ্য পোহৰলৈ আহে।

উল্লেখ্য যে – নিৰ্মানৰ তদাৰকৰ দায়িত্বত থকা ব্যক্তিৰ অজ্ঞাতে ঠিকাদাৰ আৰু ইঞ্জীনিয়াৰ লগ হৈ গোপনে নিৰ্মাণৰ কাম কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।

হাঁহচৰা গাঁও পঞ্চায়তত এয়ে প্ৰথম নহয় দীৰ্ঘদিন ধৰি এনে দুৰ্নীতি চলি আহিছে বুলি ৰাইজ আৰু দল-সংগঠনে অভিযোগ উত্থাপন কৰে।

লগতে এই কেলেংকাৰীৰ সম্পূৰ্ণ তথ্য এক মুখে স্বীকাৰ কৰে পঞ্চায়তৰ ৱাৰ্ড সদস্যা গৰাকীয়ে লগতে স্থানীয় দল সংগঠনে ইয়াৰ উচিত বিচৰা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.