শিৱসাগৰ মহাবিদ্যালয়লৈ ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী :

 

ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা :

 

ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত শনিবাৰে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পদ্মধৰ চলিহা, পৰাগ চলিহা দৰে বিদ্বানৰ সপোনৰ ফচল কলেজখনে বিগত ৭৫ বছৰ ধৰি মানৱ সম্পদ সৃষ্টিৰে সমাজক সমৃদ্ধ কৰি আহিছে। এই গৌৰৱময় ক্ষণত কলেজ পৰিয়ালৰ প্ৰত্যেকলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

কলেজখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে কয় এই ঘোষণা কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ।

কলেজ পৰিচালনা সমিতিৰ সৈতে আলোচনা মর্মে অহা তিনি বছৰৰ ভিতৰত মহাবিদ্যালয় খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ সতীর্থ বিভাগীয় মন্ত্রী ডাঃ ৰণোজ পেগুক দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।
এই অনুষ্ঠানতে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মুকলি মঞ্চৰ আধাৰশিলা স্থাপনৰ লগতে ড° সব্যসাচী মহন্ত আৰু ৰীতামণি বৰা ৰচিত এখন কাব্যগ্ৰন্থও উন্মোচন কৰে।

কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে
সতীৰ্থ মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু, যোগেন মহন, সাংসদদ্বয় তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়কদ্বয় সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, পৰাগ চলিহা সহধৰ্মিণী, দীপালী চলিহা, অ’ এন জি চিৰ কাৰ্যবাহী সঞ্চালক আৰ কে শৰ্মা, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°প্ৰফুল্ল চন্দ্ৰ কলিতাকে ধৰি মহাবিদ্যালয়
খনৰে জড়িত বহুজন উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.