শিৱসাগৰ নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ

■ শিৱসাগৰ নাজিৰা নগৰৰ কাষতে লাগি থকা ১নং ৱাৰ্ডৰ পুতু দাস নামৰ ব্যক্তিৰ বাসগৃহত বিধ্বংসী অগ্নিকাণ্ড।

স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত । বাৰে বাৰে খবৰ দিয়া পাছত ও অগ্নি নিৰ্বাপক বাহনী বহু পলমকৈ আহাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে।

এটা চাকিৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ইয়াৰ পাছতে চিলিণ্ডাৰ বিষ্ফোৰণ হৈ যোৱাৰ পাছত জুইৰ পৰিমাণ বৃদ্ধি হৈ যায় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত জুই নোমোৱাবলৈ সক্ষম হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ আগতেই স্থানীয় ৰাইজে জুই নোমোৱাবলৈ সক্ষম হয় যদিও পুতু দাস নামৰ ব্যক্তি গৰাকীৰ ঘৰ সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মিভূত হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.