শিৱসাগৰ নাজিৰাত চিআৰপিএফৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ দেশৰ ৭২ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে নাজিৰাৰ শিমলুগুৰিস্থিত চিআৰপিএফৰ চাউনীত এক বিনামুলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰে চাউনীটোৰ কৰ্তৃপক্ষই। স্থানীয় লোকৰ মাজত চিআৰপিএফৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অটুত ৰখাৰ উদ্দেশ্যে এই বিনামুলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰে বাহিনীটোৱে।

শিৱিৰটোত ৰে’লৱে বিভাগৰ চিকিৎসক ডাঃ যুগ সিঙে স্থানীয় অৰ্ধশতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামুলীয়া ঔষধ পাতিৰো যোগান ধৰা হয়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুস্থানটোত ১৪৯ চিআৰপিএফ বেটেলিয়ানৰ দ্বিতীয় কামাণ্ড অধিকাৰী অজয় কুমাৰ, পি কে চাহু আৰু সহায়ক অধিকাৰী স্বতন্ত্ৰ কুমাৰ উপস্থিত থাকে।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.