শিৱসাগৰত মানুহ কেৱল মানুহ !

নগৰ মাজমজিয়াত এই মানুহ ! যেন স্তব্ধ হৈ পৰিব যাতায়ত ব্যৱস্থা! কেমেৰাৰ লেঞ্চৰ বাহিৰত মানুহ কেৱল মানুহ!

♦১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত আজি ৰাইজৰ দলৰ পদযাত্ৰা। অখিল অবিহনে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা নিৰ্বাচন সমাগত প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে শিৱসাগৰ সমষ্টিত। ব্যতিক্ৰম নহয় ৰাইজৰ দল। আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত দেখা পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।

য’ত দেখা পোৱা গৈছে কাৰাৰুদ্ধ অখিল গগৈৰ অবিহনে ৰাজপথত পদযাত্ৰাত অংশগ্ৰহণ কৰিছে সমষ্টিটোৰ হাজাৰ হাজাৰ জনতাই। জাৰপথ যেন বন্ধ হৈ পৰিছে সেই সময়ত। অখিল গগৈৰ সমৰ্থনত এনে দৃশ্য হয়তো কল্পনা কৰা নাছিল বিৰোধী পক্ষই। শাসক বিৰোধী দলৰ বাবে ই এক প্ৰত্যাহ্বান যেন হৈ পৰিছে বৰ্তমান সময়ত। অখিল গগৈৰ এই উত্থান কেনেদৰে প্ৰতিহত কৰিব বিজেপি তথা কংগ্ৰেছে সেইয়া সময়ত লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.