লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকৰ মৃত্যু তিথি উপলক্ষে প্ৰতিযোগিতা
সংবাদদাতা,ৰঙিয়া,০২জানুৱাৰী২২।
ৰঙিয়াৰ কৃষক শ্বহীদ ভৱন প্ৰাঙ্গণত সন্ধান কেয়াৰ চ’ছাইটিৰ উদ্যোগত কামৰূপী লোকগীত সম্রাট ৰামেশ্বৰ পাঠকৰ মৃত্যু তিথি উপলক্ষে সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ ওপৰিও কেবাজনো বিশিষ্ট ব্যক্তি তথা শিল্পীক সম্বৰ্ধনা জনোৱা হয়।
ৰাজ্যিক ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিশোৰ-কিশোৰী, যুৱক-যৱতীৰ লগতে প্ৰায় ৭৫ গৰাকী পুৰূষ-মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
উদ্যোগতা কণিকা কৃষ্ণ বুজৰবৰুৱাই লোকগীত অসমীয়া জাতিৰ চানেকি বুলি অভিহিত কৰাৰ ওপৰিও বৰ্তমান এই গীতসমূহ কালৰ সোতত হেৰাই যোৱাৰ উপক্ৰম হৈছে বুলি জনাই,সেয়েহে এই গীতসমূহ জীয়াই ৰখাৰ স্বাৰ্থতেই আজিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে।
Leave a Reply