31.3 C
Guwahati
Friday, January 16, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

    চাহৰ গুৰুত্ব আৰু এই উদ্যোগটো টিকাই ৰখাত কৰ্মচাৰীৰ ভূমিকা সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ কাৰ্যসূচীও চলোৱা হয়। “এই দিৱসটো আমাৰ বাবে বিশেষ। ই কেৱল চাহৰ কথা নহয়, চাহৰ পিছত থকা মানুহৰ কথাও। আমি যেতিয়া মান্যতা পাওঁ, তেতিয়া আমি আনন্দিত হওঁ আৰু অধিক ভালকৈ কৰ্ম কৰা বাবে উৎসাহ পাওঁ,” বুলি আড্ডাবাৰী চাহ বাগিচাৰ জ্যেষ্ঠ কৰ্মচাৰী লালু ৰাজপুতে কৈছিল।

    গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে, লক্ষ্মী কোং. প্ৰাইভেট লিমিটেডে অসমৰ মৰাণ আৰু আড্ডাবাৰীৰ চাহ বাগিচাসমূহত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানসমূহত চাহ শ্ৰমিকসকলৰ অমূল্য অৱদানক সন্মান জনোৱা হয় আৰু চাহৰ সাংস্কৃতিক আৰু আৰ্থ-সামাজিক গুৰুত্বত আলোকপাত কৰা হয়।
    অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল কিছু মহিলা কৰ্মচাৰীলৈ বিশেষ প্ৰদৰ্শন আৰু সময়নিষ্ঠতাৰ বাবে প্ৰশংসা জনোৱাৰ লগতে তেওঁলোকৰ কৰ্মনিষ্ঠাক সন্মান জনাই শ্ৰমিক সমাজৰ মাজত গৌৰৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ অনুভূতি বঢ়োৱা।
    “আমাৰ মহিলা কৰ্মচাৰীৰ পৰিশ্ৰমক স্বীকৃতি দিয়াটো অতি প্ৰয়োজনীয়। তেওঁলোকৰ উৎসৰ্গাগীতাই আমাৰ কাৰ্যপদ্ধতিৰ আধাৰ। আজিৰ এই উদযাপন এটি সৰু কিন্তু অৰ্থপূৰ্ণ প্ৰচেষ্টা, যিয়ে তেওঁলোকৰ অৱিৰত খটনিখোৱা প্ৰচেষ্টাক সন্মান জনায়,” বুলি আড্ডাবাৰী চাহ বাগিচাৰ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে উল্লেখ কৰে।
    এই অনুষ্ঠানত ১,৫০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত আছিল গাৰ্লছ’ ছকাৰ ক্লাবৰ সদস্যা, স্থায়ী আৰু অস্থায়ী চাহ বাগিচাৰ কৰ্মচাৰী, লগতে স্থানীয় লোক। অনুষ্ঠানত মৰাণ আৰু আড্ডাবাৰীৰ ব্যৱস্থাপনা দলৰ সৈতে সহযোগিতা কৰে Community Development Forum (CDF)।
    এই অনুষ্ঠানত মৰাণ চাহ বাগিচাৰ জ্যেষ্ঠ প্ৰবন্ধক, শ্ৰী সুভভ্ৰত চিকদাৰে কয়, “আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হৈছে চাহ উদ্যোগৰ সকলো কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমলৈ এটি সন্মান। তেওঁলোকৰ প্ৰচেষ্টাই প্ৰতিটো কাপ চাহ সম্ভৱ কৰি তোলে।”
    উদযাপন উপৰিও, চাহৰ গুৰুত্ব আৰু এই উদ্যোগটো টিকাই ৰখাত কৰ্মচাৰীৰ ভূমিকা সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ কাৰ্যসূচীও চলোৱা হয়। “এই দিৱসটো আমাৰ বাবে বিশেষ। ই কেৱল চাহৰ কথা নহয়, চাহৰ পিছত থকা মানুহৰ কথাও। আমি যেতিয়া মান্যতা পাওঁ, তেতিয়া আমি আনন্দিত হওঁ আৰু অধিক ভালকৈ কৰ্ম কৰা বাবে উৎসাহ পাওঁ,” বুলি আড্ডাবাৰী চাহ বাগিচাৰ জ্যেষ্ঠ কৰ্মচাৰী লালু ৰাজপুতে কৈছিল।
    “আজিৰ স্বীকৃতিয়ে মোক গৌৰৱান্বিত আৰু দেখা-পোৱা বুলি অনুভৱ কৰাইছে,” বুলি মৰাণ চাহ বাগিচাৰ চাহ তুলি থকা কৰ্মচাৰী মনমতী কলিন্দীয়ে উল্লেখ কৰে। “আমি প্ৰতিদিনে কঠোৰ খটনি কৰো, আৰু এই ধৰণৰ উদযাপন আমাৰ প্ৰচেষ্টা সঁচাকৈয়ে মূল্যবান বুলি উল্লেখ কৰে। লগতে আমাক আগবাঢ়িবলৈ শক্তি দিয়ে আৰু যি কাম আমি কৰো, তাৰ ওপৰত গৌৰৱ অনুভৱ কৰো।”
    প্ৰতি বছৰে ২১ মে’ তাৰিখে পালন কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰাসংগিকতা উদযাপন কৰে, লগতে চাহ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত, সঠিক কৰ্ম পৰিৱেশ, আৰু সুষ্ঠ উৎপাদন প্ৰণালীক সমৰ্থন জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.