Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

যশস্বী সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বঁটাত আছে নগদ ৫ লাখ টকা৷
‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে এই সন্মান
‘বনলতা’লৈ ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’
এই বঁটাত আছে নগদ ৩ লাখ টকা

গুৱাহাটীঃ বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ আজি ঘোষণা কৰা হয়৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা ঘোষণা কৰে৷ এই বিষয়ে সদৰী কৰি কলিতাই কয়– ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি৷ ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ উল্লেখ্য, ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই৷ সেয়ে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে– ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’৷ প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা৷


উল্লেখ্য, অসম প্ৰকাশন পৰিষদে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বৰ্ষত ড॰ নন্দিতা দেৱী আৰু ২০২২ বৰ্ষত ড॰ প্ৰণৱজ্যোতি ডেকা আৰু ২০২৩ বৰ্ষত ড॰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল৷ সেইদৰে উক্ত দুটা বৰ্ষত প্ৰকাশকৰ বঁটা লাভ কৰা প্ৰকাশন প্ৰতিষ্ঠান তিনিটা হৈছে ক্ৰমে– ‘জ্যোতি প্ৰকাশন’, ¸ ‘বান্ধৱ’ আৰু আসাম পাব্লিচিং কোম্পানী৷
বিচাৰকমণ্ডলীয়ে চূড়ান্ত পৰ্যায়ত নিৰ্বাচন কৰা ৬খন গ্ৰন্থৰ অন্যান্য পাঁচখন গ্ৰন্থ হ’ল– ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘বুঢ়াদিয়াৰ পাৰে পাৰে’, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ‘ঐশ্বৰ্য্য’, সমীৰ তাঁতীৰ কাব্য গ্ৰন্থ ‘ফৰিংবোৰে বাটৰ কথা জানে’ আৰু দেৱব্ৰত দাসৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’৷

- Advertisement -

Hot this week

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °