মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে

আজি অসম বিধানসভাত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীদ্বয় ক্ৰমে পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ নিশ্চিতকৰণৰ লগতে সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দুয়োগৰাকী প্ৰাৰ্থীয়ে উচ্চ সদনত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ আশা-আকাংক্ষাক সবলভাৱে প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ় বিশ্বাসী এই দৰে সামাজিক মাধ্যমত পোষ্ট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে কৈছে দুয়োগৰাকী মনোনীত প্ৰাৰ্থীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এলৰ মাননীয় সভাপতি প্ৰমোদ বড়োকে ধৰি সন্মানীয় মন্ত্ৰী, বিধায়ক আৰু সাংসদসকল উপস্থিত থাকে

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.