Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

ভাৰত চৰকাৰৰ বাঘা বাঘা বিষয়াই বোধহয় বলে নোৱাৰি ড৹ শৰ্মাৰ শৰণাপন্ন‌ হৈছে

- Advertisement -
সৰু লৰাই চোৰ- পুলিচ খেলাৰ দৰে মুখ্যমন্ত্ৰীয়ে বিদেশী গুপ্তচৰ ধৰাৰ খেল‌ খেলিবলৈ গৈ বহুমুখী প্ৰতিভাৰ পৰিচয় দিছে। হাতেলোটে ধৰা পেলাইছে অপৰাধ। কে’ছটো ন’ বছৰ পুৰণি। ভাৰত চৰকাৰৰ বাঘা বাঘা বিষয়াই বোধহয় বলে নোৱাৰি ড৹ শৰ্মাৰ শৰণাপন্ন‌ হৈছে।
সমস্যা ইয়াতে যে সেই সময়তে পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ নৰেন্দ্ৰ মোদী‌ ডাঙৰীয়া ব্যস্ত হৈ‌ পৰিছিল।বিদেশ‌ ভ্ৰমণৰ মাজতে নিৰ্ধাৰিত কাৰ্যসূচী ভঙ্গ কৰি হঠাতে পাকিস্তানৰ প্ৰভাৱশালী ৰাজনীতিবিদ নৱাজ শ্বৰীফৰ ল’ৰাৰ বিয়াত উপস্থিত হৈছিল। ড৹ শৰ্মাই মোদীকো‌ সন্দেহৰ বৃত্তত সুমুৱাই লোৱা ভাল‌‌ হ’ব যেন পাওঁ।
গৌৰৱৰ‌ ক’বলগীয়া খিনি তেওঁ কৈছে। আমি‌ তেওঁৰ‌ ব্ৰিটিছ পত্নী সম্পৰ্কে দুআষাৰ ক’ব খোজোঁ।
গুৰুতৰ অভিযোগ এয়ে যে তেওঁ পাকিস্তানত জৰ্জ ছৰছৰ এটা সংগঠনত কাম কৰিছিল। ড৹ শৰ্মাৰ মতে ছৰছ এক ভাৰতবিৰোধী দগাবাজ। আমেৰিকাৰ ‘ডীপ ষ্টে’টৰ’ লগত জড়িত। পাকিস্তানী আই-এছ-আইৰ লগতো বোলে সনাপিঠা। অতএব গৌৰৱৰ পত্নী বিদেশী গুপ্তচৰ নহৈ নোৱাৰে। ড: শৰ্মাৰ বৌদ্ধিক ক্ষীপ্ৰতা চমকপ্ৰদ।
‌‌ অৱশ্যে ৰাজহুৱাভাৱে পোৱা তথ্য কিছু বেলেগ।জৰ্জ ছৰছ‌ মোদীবন্ধু ট্ৰাম্পৰ ক্ষুৰধাৰ
সমালোচনাৰ বাবে বিখ্যাত। মাৰ্কিন‌ চৰকাৰৰ পছন্দৰ মানুহ মুঠেই‌ নহয়। তেওৰ ফাউণ্ডেছন Open Societyয়ে বিভিন্ন দেশত শাখা খুলি‌ তাৰ মাধ্যম সমূহৰ স্বাধীনতা,চৰকাৰৰ দায়বদ্ধতা, নিৰ্বাচনৰ নিয়মানুৱৰ্তিতা আৰু সাধাৰণভাবে তাৰ গণতন্ত্ৰৰ স্বাস্থ্য নিৰীক্ষণ কৰি নিয়মিত প্ৰতিবেদন প্ৰকাশ কৰে। ইয়াতে কুপিত হৈ পাকিস্তানৰ চৰকাৰে এই শাখাটোক পাকিস্তানৰ পৰা বহিষ্কাৰ কৰে ২০১৭ চনতে। আই‌এছ‌ আয়ে বোধহয় গম‌‌ নাপালে। অসমৰ‌ দুৰ্ধৰ্ষ অনুসন্ধানকাৰীয়ে কৌশলেৰে আই এছ আইক জনাই দিয়াই‌ ভাল‌ নেকি!
জৰ্জ ছৰছ‌‌ মোদী‌ আৰু বিজেপি নেতৃত্বাধীন
চৰকাৰৰো কঠোৰ‌ সমালোচক। আটায়ে‌ জানে‌ যে বিজেপি চৰকাৰক সমালোচনা কৰা মানেই ভাৰতক নিন্দা কৰা,কলঙ্কিত কৰা।অতএব ছৰছ ভাৰতৰ শত্ৰু,আৰু‌ ফলত তেওঁ‌ প্ৰতিষ্ঠা কৰা সংগঠনত চাকৰি কৰা গৌৰৱৰ পত্নীও নিৰ্ঘাত ভাৰতৰ‌ শত্ৰু।
চমৎকাৰ যুক্তি! ড৹ শৰ্মাৰ সময়োচিত তৎপৰতাত দেশ‌ ডাঙৰ‌ বিপদৰ পৰা ৰক্ষা পৰিল।
- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °