Sunday, May 25, 2025
27 C
Guwahati

ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সুন্দৰ প্ৰদৰ্শনৰে পদক অৰ্জন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী● মধ্য প্ৰদেশৰ চাতনাৰ সৰস্বতী বীদ্যাপীঠ অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা ৫৪ গৰাকী খেলুৱৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ লগতে শিশু শিক্ষা সমিতি, অসম তথা স্থানীয় নিকেতন লৈ গৌৰৱ কঢ়িয়াই আনে।

শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অংশগ্ৰহণকাৰী খেলুৱৈসকল গুৱাহাটী উপস্থিত হয় ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ১৯ বছৰ অনুৰ্ধ্ব শাখাত বি,এল বেৰীয়া সৰস্বতী শিশু মন্দিৰ, চৌকিডিঙি, ডিব্ৰুগড়ৰ ছাত্ৰ ময়ুৰ বেজবৰুৱাই দীঘল‌ জাপ, ত্ৰিপল জাপত সোণৰ পদকৰ‌ লগত ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন, কঠিয়াতলীৰ ছাত্ৰ প্ৰণৱ বেই দীঘল জাপত ৰূপৰ পদক,

শংকৰদেৱ শিশু নিকেতন, খলিহাৰ ছাত্ৰী বন্দিতা দাসে দীঘল জাপত ৰূপৰ পদকৰ লগতে ত্ৰিপল জাপত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন,বেতকুছিৰ ছাত্ৰ জিৎপল কাশ্যপে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক, ১৭ বছৰ অনুৰ্ধ্ব শাখাত শঙ্কৰদেৱ শিশু নিকেতন, মধুপুৰৰ ছাত্ৰী বাৰ্লিনা ভৰালীয়ে ওখ জাপত ৰূপৰ পদক, শংকৰদেৱ শিশু নিকেতন, কৃষ্ণাইৰ ছাত্ৰী কুঁহি ৰায়ে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক, ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতন, চিৰিং চাপৰি, ডিব্ৰুগড়ৰ ছাত্ৰদ্বয় হিমাংশু দাসে ৪০০ মিটাৰ দৌৰত সোণৰ পদক, প্ৰণৱ গগৈয়ে ওখ জাপত ৰূপৰ পদকৰ লগতে ৮০ মিটাৰ বাধা দৌৰত ব্ৰঞ্জৰ পদক, লম্বোদৰ বুঢ়াগোহাই শংকৰদেৱ বিদ্যা নিকেতন, ডিমৌৰ ছাত্ৰ নিৱিড় নয়ন দত্ত ই ডিচকাচ দলিওৱাত ৰূপৰ পদক, শংকৰদেৱ শিশু নিকেতন, খলিহাৰ ছাত্ৰী ৰিয়া দাসে চটপুট ত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীৰ ছাত্ৰী অংকিতা ৰায়ে ২০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধ্ব শাখাত শংকৰদেৱ বিদ্যা নিকেতন, ধেমাজি ৰ ছাত্ৰী ডিম্পী কোঁছে ওখ জাপত ৰূপৰ পদক লাভ কৰে। ইয়াৰে বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰ, চৌকিডিঙিৰ ছাত্ৰ ময়ুৰ বেজবৰুৱা ই ত্ৰিপল জাপত বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় খেলৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ১৩:৮৬ মিটাৰ জপিয়াই।

ময়ুৰ বেজবৰুৱা ৰ লগতে চিৰিং চাপৰি, ডিব্ৰুগড়ৰ ছাত্ৰ হিমাংশু দাস, শংকৰদেৱ শিশু নিকেতন, কঠিয়াতলীৰ ছাত্ৰ প্ৰণৱ বে, শংকৰদেৱ শিশু নিকেতন, বেতকুছিৰ ছাত্ৰ জিৎপল কাশ্যপ, শংকৰদেৱ শিশু নিকেতন,কৃষ্ণাইৰ ছাত্ৰী কুঁহি ৰায় আৰু শংকৰদেৱ শিশু নিকেতন,খলিহাৰ ছাত্ৰী বন্দিতা দাসে SGFI ( School Games Fedaration Of India) ত খেলাৰ বাবে নিৰ্বাচিত হয়।

এই পদক প্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক কামাখ্যা ৰেলৱে ষ্টেচনত আদৰণি তথা সম্বৰ্দ্ধনা জনায় বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰীয় খেল প্ৰমুখ ৰঞ্জিত কুমাৰ শইকীয়া, প্ৰান্তীয় খেল পৰিষদৰ সভাপতি সুবোধ বৰা তথা সমিতিৰ সহ কাৰ্যালয় সচিব দ্বয় মাধব কলিতা আৰু ৰাতুল ডেকাই।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds