Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত প্ৰথমবাৰৰ বাবে দেশত খো খো বিশ্বকাপ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নতুন দিল্লীঃ অহা ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্ৰতিযোগিতা৷ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ভাৰতীয় খো খো ফেডাৰেচনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷

আই অ’ এৰ সভাপতি ড॰ পি টি উষাই এই বিষয়ে কয়, ‘আমাৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন আৰু পৰম্পৰাগত ক্ৰীড়াৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি দায়বদ্ধ৷ দেশত প্ৰথমবাৰৰ বাবে হ’বলগা খো খো বিশ্বকাপৰ সফলতা নিশ্চিত কৰিবলৈ ভাৰতীয় খো খো ফেডাৰেচনৰ সৈতে সহযোগিতা কৰিবলৈ আমি আগ্ৰহী৷ আমি একেলগে কাম কৰাৰ লক্ষ্য ৰাখিছো আৰু এই প্ৰতিযোগিতা স্মৰণীয় কৰি অংশগ্ৰহণকাৰীসকলৰ মাজত ক্ৰীড়াৰ মনোভাৱক উৎসাহিত কৰা লগতে¸ বিশ্বজুৰি খো খোৰ উত্তৰণ কৰাটো আমাৰ লক্ষ্য৷’

ইফালে, খো খো সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি সুধাংশু মিট্টলে আই অ’ এৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি কয়, ‘সন্মানীয় সভাপতি পি টি উষাৰ নেতৃত্বত আই অ’ এৰ সমৰ্থন ভাৰতীয় খো খোৰ বাবে গেম চেঞ্জাৰ হ’ব৷ এই সহযোগিতা খো খোক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হোৱাৰ লগতে আমি প্ৰথমবাৰৰ বাবে খো খো বিশ্বকাপৰ সফল আয়োজন কৰি এক নতুন দিগন্তলৈ আগবাঢ়ি যাব বিচাৰিছো৷’

উল্লেখ্য যে ভাৰতত হ’বলগা খো খো বিশ্বকাপত ছখন মহাদেশৰ ২৪ খন দেশৰ পুৰুষ আৰু মহিলা উভয় দলে অংশগ্ৰহণ কৰিব৷ আয়োজক ভাৰত, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকাকে ধৰি এছিয়াৰ দলসমূহে আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আৰু ওচেনিয়াৰ দলৰ মুখামুখি হ’ব৷ ঘানা, কেনিয়া, ইংলেণ্ড, জাৰ্মানী, ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াৰ দৰে ৰাষ্ট্ৰসমূহে প্ৰতিযোগিতাত অংশ লৈ বিশ্বত খো খোৰ ক্ৰমবৰ্ধমান প্ৰসাৰৰ দিশটো প্ৰতিফলিত কৰিব৷

উল্লেখ্য যে ভাৰতীয় খো খো ফেডাৰেচনে ইতিমধ্যে দেশত আলটিমেট খো খো [ইউ কে কে] পেছাদাৰী লীগ প্ৰতি বছৰে আয়োজন কৰি দেশত খেল আৰু খেলুৱৈৰ স্বৰূপ সলনি কৰি দিছে৷ এইবাৰ বিশ্বকাপ আয়োজনে দেশত খো খোক অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত ব্যাপক ভূমিকা গ্ৰহণ কৰিব৷ এই প্ৰতিযোগিতাই নতুন খেলুৱৈ অনুপ্ৰাণিত হোৱাৰ লগতে খো খো খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব৷

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °