ভাল খবৰ :শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়”ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল :

অসমৰ ক্ৰীড়া জগতত এক গুৰুত্বপূৰ্ণ সংযোজন। আজি ডিব্ৰুগড় জিলাৰ চাবুৱাত অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়- “শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়”ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।


অনুষ্ঠানত লগতে উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকল।

অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ ক্ৰীড়া প্ৰতিভাসমূহক বিশ্বমানৰ প্ৰশিক্ষণ আৰু শিক্ষা প্ৰদান কৰাৰ উপৰিও এই প্ৰতিষ্ঠানখনে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাংগীণ উত্তৰণত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*